Breaking

ফকিৰপাৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

0 197

খাৰুপেটীয়া

ফকিৰপাৰাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আৰ্শাদ আলীক গ্ৰেপ্তাৰ কৰে দৰং জিলা আৰক্ষীয়ে। জাল নোট ছপোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে ব্যক্তিজনক। জানিব পৰা মতে ধৃত আৰ্শাদ আলীয়ে জাল নোট ছপোৱা কাৰ্য চলাই আহিছিল। এক গোপন সূত্ৰৰ পমখেদি দেওবাৰে দিনৰ প্ৰায় ১২ বজাত খাৰুপেটীয়া আৰক্ষীৰ সহযোগত  দৰং জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাই অভিযান চলায়। অভিযানত জাল নোট ছপোৱাৰ অভিযোগত খাৰুপেটীয়া থানাৰ অন্তৰ্গত নিজ বৰুৱাঝাৰ গাৱৰ আৰ্শাদ আলীক নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। আৰ্শাদ আলীৰ ঘৰৰ পৰা জাল নোট বনোৱা কাটিং কৰা কাগজ উদ্ধাৰ কৰে আৰক্ষীয়ে।আনহাতে স্থানীয় ৰাইজে অভিযোগ কৰা মতে দুখন মটৰ চাইকেল লৈ দুজন ব্যক্তি আৰক্ষীৰ গাড়ীৰ আগে আগে আহি আৰ্শাদ আলীৰ ঘৰৰ সন্মুখত এএছ ১৩ এল ১৭১৫  আৰু এএছ ১৩ কে ২১৫৯  নম্বৰৰ মটৰ চাইকেল দুখন থৈ তেওঁৰ ঘৰৰ চোতালেদি দৌৰি পলায় যায় ব্যক্তি দুজন। অচিনাকি ব্যক্তি দুজন নতুন মটৰ চাইকেল থৈ দৌৰি যোৱা কাৰ্যই চিন্তাত পেলাইছে গাঁৱবাসীক। ধৃত আৰ্শাদ আলী ফকীৰপাৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আছিল বুলি জানিব পৰা গৈছে।

Leave A Reply