Breaking

লাডাখ ইছ্যুত নৰেন্দ্ৰ মোডীলৈ চিঠি প্ৰাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ : ‘ভাবি চিন্তি’ ক’থা ক’ব লাগে প্ৰধানমন্ত্ৰীয়ে ।

0 1,068

দৈনন্দিন বাৰ্তা ডেস্ক :

লাডাখ ইছ্যুত মুখ খুলিলে প্রাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙে৷ পূব লাডাখত চীনৰ আগ্ৰাসন আৰম্ভ হোৱাৰ পাছত তেওঁৰ দল কংগ্ৰেছে বিদেশী নীতি লৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীক কাঠগৰালত তুলি আহিছে৷ ব্যতিক্রম নহ’ল মনমোহন সিঙো৷ প্ৰধানমন্ত্ৰীলৈ চিঠি লিখি জানি বুজি কথা ক’বলৈ পৰামৰ্শ দিলে৷ ড° মনমোহন সিঙৰ কটাক্ষ, ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এনে কেতবোৰ কথা কোৱা উচিত নহয়, যি মন্তব্য চীনে নিজৰ অৱস্থানত দলিল হিচাপে ব্যৱহাৰ কৰিব পাৰে৷ লাডাখ ইছ্যুত প্ৰধানমন্ত্ৰীলৈ লিখা এক চিঠিত মনমোহন সিঙে কয়, চৰকাৰ আগুৱাই আহিব লাগিব৷ নিশ্চিত কৰিব লাগে কৰ্ণেলসহ ২০ জন শ্বহীদ জোৱানৰ হত্যাকাৰীয়ে যাতে শাস্তি পায়৷ সেইটো নহ’লে দেশবাসীয়ে আস্থা আৰু বিশ্বাসক ঐতিহাসিক প্রতাৰণা কৰা হ’ব৷ প্রাক্তন প্রধানমন্ত্রীজনে কয়, আমি এক ইতিহাসৰ সন্ধিক্ষণত আছো৷ ইয়াৰ পাছত চৰকাৰে কি সিদ্ধান্ত ল’ব, কি পদক্ষেপ ল’ব, তাৰ ওপৰত আমাৰ ভৱিষ্যৎ প্ৰজন্মই কিদৰে বিচাৰ কৰিব সেয়া নিৰ্ভৰ কৰিছে৷ আমাৰ গণতন্ত্ৰত সেই সিদ্ধান্ত আৰু পদক্ষেপ লোৱাৰ দায়িত্ব দিছে প্ৰধানমন্ত্ৰী দপ্তৰক৷ প্ৰধানমন্ত্ৰীয়ে উচিত সকলো কথা অধিক ভাবি চিন্তি ক’ব লাগে৷ তেওঁ এনে কেতবোৰ কোৱা উচিত নহয়, যি মন্তব্য চীনে নিজৰ অৱস্থানৰ দলিল হিচাপে ব্যৱহাৰ কৰিব পাৰে৷ মনমোহন সিঙৰ এই বক্তব্যৰ সমৰ্থনত টুইট কৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে৷

Leave A Reply