Breaking

সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস

0 1,555

আজি ভাৰত বৰ্ষৰ অন্য প্ৰান্তৰ লগতে নলবাৰীতো প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। নলবাৰী চহৰৰ মাজমজিয়াত থকা ৰাজীৱ ভৱন বাকৰিত নলবাৰী জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত পালন কৰা হয় প্ৰতিষ্ঠা দিৱস। নলবাৰী জিলা কংগ্ৰেছ,নলবাৰী জিলা যুৱ কংগ্ৰেছকে ধৰি কংগ্ৰেছৰ বিভিন্ন শাখা গোটৰ বিষয় ববীয়া সকলৰ উপস্থিতিত পালন কৰা হয় প্ৰতিষ্ঠা দিৱস। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ কভিড বিধি আৰু স্বাস্থ্য বিভাগৰ ক’ভিড নীতি নিয়ম মানি নগন্য সংখ্যকৰ উপস্থিতিত অনুষ্টুপীয়াকৈ পালন কৰা দেখা গল সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস। উপস্থিত সকলো বিষয় ববীয়াই যুৱ কংগ্ৰেছক উদ্দেশ্যি গাম্ভীৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰাৰ লেখিয়াকৈ নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজ্যেতি হালৈয়ে যুৱ কংগ্ৰেছক উদ্দেশ্যি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হয়।শেষত নলবাৰী জিলা যুৱ কংগ্ৰেছৰ সভাপতি সত্যেন দাসে সামৰণি ভাষন প্ৰদান কৰি প্ৰতিষ্ঠা দিৱসৰ সামৰণি পেলাই।

Leave A Reply