Breaking

বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামত ৬০ লাখ টকীয়া পেভেলিয়নৰ আধাৰশিলা স্থাপন

0 16

উন্নত মানবিশিষ্ট পেভেলিয়নৰে এইবাৰ ক্ৰীড়াক্ষেত্ৰত এখোজ আগবাঢ়িছে বিশ্বনাথ চাৰিআলি ষ্টেডিয়াম। আনকি বি চি চি আইৰ অন্তৰ্গত ঘৰুৱা  ক্ৰিকেট খেলো অনুষ্ঠিত হ’ব বিশ্বনাথৰ ষ্টেডিয়ামত। আজি এই কথা ঘোষণা কৰিছে অসম ক্ৰিকেট সন্হাৰ সম্পাদক দেৱজিৎ শইকীয়াই। বিশ্বনাথ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত আজি প্ৰায় ৬০ লাখ টকা ব্যয় সাপেক্ষে ৩ হাজাৰ বৰ্গফুটৰ নিৰ্মান হ’ব লগা পেভেলিয়নৰ আধাৰশীলা স্হাপন কৰি এ চি এৰ সম্পাদকজনে বিশ্বনাথৰ ষ্টেডিয়ামখন ভৱিষ্যতৰ বাবে ক্ৰীড়াক্ষেত্ৰৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ বুলি অভিহিত কৰে। উল্লেখ্য যে বিশ্বনাথ জিলা ক্ৰীড়া সন্হাৰ সভাপতি অপূৰ্ব কুমাৰ দাসৰ সভাপতিত্বত এই উপলক্ষে অনুষ্ঠিত সভাত বিধায়ক প্ৰমোদ বৰঠাকুৰে এ চি এৰ কাৰ্যক প্ৰশংসা কৰে। ক্ৰীড়া সন্হাৰ সম্পাদক ৰাতুল শইকীয়াই আঁত ধৰা সভাখনত আনকি এ চি এৰ সম্পাদক জনে ৫ খনকৈ ক্ৰিকেট গ্ৰাউণ্ড নিৰ্মান কৰাৰ কথা দাঙি ধৰাৰ লগতে নিৰ্মান হ’বলগীয়া পেভেলিয়নৰ কাম জুন মাহৰ পুৰ্বে সমাপ্ত হ’ব বুলি মন্তব্য কৰে। আনহাতে জুন মাহত ৰাজ্যৰ ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাৰ  প্ৰস্তুতি চলাইছে বিশ্বনাথ জিলা ক্ৰীড়া সন্হাই। আজিৰ এই কাৰ্যসূচীত এ চি এৰ কোষাধ্যক্ষ  ত্ৰিদিপ কোঁৱৰ, বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত সূৰ্য কমল বৰা, নৰেন শৰ্মা আদি বিশিষ্ট ব্যক্তিৰ লগতে বহু নবীন প্ৰবীন খেলুৱৈ উপস্হিত থাকে।

Leave A Reply