Breaking

ৰাজ্যপালৰ আঁচনিৰ অধীনত গোগামুখত ৬ খন ভলীবল কৰ্টৰ আধাৰশিলা

0 1,134

ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত গোগামুখ গাঁও পঞ্চায়তত অসম চৰকাৰৰ ৰাজ্যপালৰ আঁচনিৰ অধীনত আজি ৬ খন মহিলা ভলীবল কৰ্ট ৬ খন বিদ্যালয়ত আধাৰশিলা স্থাপন কৰা হয়৷ক্ৰীড়াক্ষেত্ৰত মহিলা সকলক আগুৱাই নিয়াৰ বাবে প্ৰস্তুত কৰা এই আঁচনি সমূহ ৰাজ্যপালৰ অনুুমোদন সাপেক্ষে অসম চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়িত হ’ব৷আজি গোগামুখৰ গোগামুখ জংকি পানৈ হাইস্কুল, গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোগামুখ চাউলধোৱা উচ্চ মাধ্যমিক বিদ্যালয়, পশ্চিম চাউলধোৱা উচ্চ মাধ্যমিক বিদ্যালয়, পূৱ বালিগাঁঁও উচ্চ মাধ্যমিক বিদ্যালয়ত ভলীবল কৰ্টৰ আধাৰশিলা সমূহ স্থাপন কৰা হয়৷আধাৰশিলাসমূহ স্থাপন কৰে গোগামুখ গাঁও পঞ্চায়তৰ সভাপতি মাধৱ চেতিয়াই৷তেওঁক সহযোগ কৰে বৰদলনি আঞ্চলিক পঞ্চায়তৰ উপসভাপতি হিৰেণ পেগু, কনিষ্ঠ অভিযন্তা হেমন্ত সোনোৱাল আৰু গোগামুখ গাঁও পঞ্চায়তৰ সচিব উপেন ফুকনে৷

উল্লেখনীয় যে ধেমাজি জিলাৰ ভিতৰত গোগামুখ হৈছে ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ৷ৰাজ্যপালৰ ক্ৰীড়া আঁচনিখন যদি গোগামুখ গাঁও পঞ্চায়তে সফল ৰূপ দিয়ে তেন্তে গোগামুখৰ ক্ৰীড়া ক্ষেত্ৰখন আৰু অধিক শক্তিশালী হ’ব বুলি আশা কৰা হৈছে৷

Leave A Reply