Breaking

ৰাম মন্দিৰৰ আধাৰশিলা : ৪-৫ আগষ্টত উত্তৰ প্ৰদেশত দীপাৱলী

0 1,245

দৈনন্দিন বাৰ্তা ডেস্ক : উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অহা ২ আগষ্টত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ বাবে চলাই থকা প্ৰস্তুতিৰ বুজ লোৱা উদ্দেশ্যে অযোধ্যা ভ্ৰমণ কৰিব ৷ উল্লেখ্য যে অহা ৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব ৷ শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সভাপতি মহন্ত নৃত্য গোপাল দাসে এই কথা জনাইছে ৷ ৰাম মন্দিৰৰ ভূমি পূজাৰ বাবে সমগ্ৰ উত্তৰ প্ৰদেশত ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ৷ অহা ৪-৫ আগষ্টত মথুৰা, কাশী, চিট্ৰকপুৰ, প্ৰয়াগৰাজ, গোৰখপুৰ আৰু নাইমিশ্ৰায়ন আৰু টেক্সাছত প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে৷ অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ উপলক্ষে এই তীৰ্থস্থান বোৰত দেৱালীসদৃশ আয়োজন কৰা হৈছে ৷ এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনক উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিৰ্দেশ দিছে৷ ৩১ জুলাইত পুৰুহিতে অযোধ্যাৰ ৰাম মন্দিৰৰ আধাৰশিলা অনুষ্ঠানৰ বাবে হিমালয় অঞ্চলৰ পৰা বৈ অহা যমুনোত্ৰী ধামৰ মাটি, যমুনা নদীৰ পানে আৰু ব্ৰহ্মা কমল ফুল প্ৰেৰণ কৰিছিল ৷ গংগোত্ৰী ধামৰ মাটি আৰু গংগাৰ পানী মঙলবাৰে স্পীড প’ষ্টৰ জৰিয়তে প্ৰেৰণ কৰা হৈছিল বুলি গংগোত্ৰী মন্দিৰ সমিতিৰ সভাপতি সুৰেশ ছেমৱালে জনায় ৷

Leave A Reply