Breaking

সদৌ মৰান ছাত্ৰৰ প্ৰতিষ্ঠা দিবস তিনিচুকীয়াত

0 141

তিনিচুকীয়া

মৰাণ জনজাতিক জনজাতিকৰণ আৰু ষষ্ঠ অনুসুচীভুক্ত স্বায়ত্ত শাসন চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি সময় মতে প্ৰদান নকৰিলে সংগ্ৰাম অধিক কঠোৰভাৱে চলাই নিয়া হ’ব। মৰাণ জনজাতিৰ স্বাধিকাৰৰ লগতে সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন তথা সমন্বয় আৰু ভাতৃত্ববোধ ৰক্ষাৰ বাবে সদৌ মৰাণ ছাত্ৰ সন্থাই দৃঢ়তাৰে কাম কৰি যাব। মঙলবাৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫২ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰতাকা উত্তোলন কৰি এই মন্তব্য কৰে সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে। জাতীয় অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম অব্যাহত ৰখাৰ লগতে সকলো অন্যায়, অবিচাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে সন্থাই জাগ্ৰত প্ৰহৰী হৈ কাম কৰি যাব বুলিও সভাপতিগৰাকীয়ে কয়। সম্প্ৰতি বিশ্বজুৰি চলি থকা মহামাৰী ক’ৰ’ণা ভাইৰাছৰ আতংকৰ বাবে সামাজিক দূৰত্ব ৰক্ষা কৰি সীমিত সংখ্যক লোকৰ উপস্থিৰে কেৱল পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পন কাৰ্যসূচীৰ জৰিয়তে ঐতিহাসিক সৌমাৰ খণ্ডৰ আদিম ভূমিপুত্ৰ মৰাণ জনজাতিৰ ছাত্ৰ সংগঠনটোৰ তিনিচুকীয়াস্থিত সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় প্ৰাঙ্গনত অনুষ্টুপীয়াকৈ পালন কৰে। পুৱা ১০ বজাত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে পতাকা উত্তোলন আৰু সাধাৰণ সাধাৰণ সম্পাদক নৱ মৰাণে শ্বহীদ তৰ্পন কৰি কাৰ্যসূচী মুকলি কৰে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি লকডাউনৰ বাবে খাদ্য সংকটত পৰা বৰগুৰি অঞ্চলৰ অৰ্ধশতাধিক দৰিদ্ৰ পৰিয়ালক কাৰ্যালয়ৰ চৌহদতেই খাদ্য সামগ্ৰী প্ৰদান কৰাৰ লগতে উপস্থিত সাংবাদিকসকলক সন্থাই একোখনকৈ মৰাণ গামোছাৰে সম্ভাষণ জনায়। সদৌ মৰাণ ছাত্ৰ সন্থাৰ উপদেষ্টা সভাপতি তৰুণ বৰুৱা মৰাণ, প্ৰাক্তন উপদেষ্টা জিতুল গোহাঁই, প্ৰাক্তন সভাপতি বিৰিঞ্চি নেওগ, পানীৰাম ডেকা মৰাণ, প্ৰাক্তন সাধাৰণ সম্পাদক দিপেন মৰাণ, হেমন্ত মৰাণ, জ্যোতিমণি মৰাণ, প্ৰৱোধ বৰুৱা, অসম মৰাণ সভাৰ উপদেষ্টা দিপন মৰাণ, সভাপতি ধৰ্মেন্দ্ৰ নেওগ, সাধাৰণ সম্পাদক দুৰ্লভ গোহাঁই, মৰাণ জাতীয় মহিলা পৰিষদৰ সভানেত্ৰী দীপা শইকীয়া বড়া, সম্পাদিকা হেমা বৰুৱা মৰাণ, মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চৰ সম্পাদক ভাৰ্নৱ মৰাণ, মৰাণ সাহিত্য সভাৰ প্ৰধান সম্পাদক অজিত মৰাণ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কণ গগৈ, সুৰজিৎ মৰাণ, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সম্পাদক সমৰজ্যোতি গোহাঁই, সদৌ অসম মটক সন্মিলনৰ সৰুজ গোহাঁই, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক ধৰনী গোহাঁই, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁই, আটছাৰ ৰাজু কুৰ্মী, কনক কুৰ্মী, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ অশোক লামা, শ্বহীদ বিনন্দ মৰাণ বঁটা প্ৰাপক প্ৰৱেশ্বৰ বৰুৱা আদিয়ে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।

Leave A Reply