Breaking

ভাৰতীয় দলত চাৰিজন অসম লিফটাৰ অন্তৰ্ভুক্ত

0 529

নৱম বিশ্ব ষ্ট্ৰেংথ লিফটিং চেম্পিয়নশ্বিপ-২০২২ত ভাৰতীয় দলত চাৰিজন অসম লিফটাৰ অন্তৰ্ভুক্ত হৈছে। তেওঁলোক হৈছে ক্ৰমে কৈলাশ শৰ্মা ১০৫ কিলোগ্ৰাম, ৰাজুকুমাৰ দাস ৯৫ কিলোগ্ৰাম, ফণী চক্ৰৱৰ্তী ৬৬ কিলোগ্ৰাম আৰু সিদ্ধাৰ্থ নাৰায়ণ ১১৫ কিলোগ্ৰাম। এই প্ৰতিযোগিতালৈ মুঠ ৫৫ জন সদস্য ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে।বিশ্ব ষ্ট্ৰেংথ লিফটিং চেম্পিয়নশ্বিপ আৰু ইনক্লেইন বে়ঞ্চ প্ৰেছ চেম্পিয়নশ্বিপ -২০২২, ৫ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ কিৰগিস্তান চৰকাৰৰ যুৱ পৰিক্ৰমা, শাৰীৰিক, সাংস্কৃতিক আৰু ক্ৰীড়া সঞ্চালকৰ সহযোগত এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে।

ভাৰতীয় দলটোৱা ৪ ছেপ্টেম্বৰত নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা কিৰগিস্তানলৈ ৰাওনা হ’ব। দলটোৱে উক্ত দিনা সন্ধিয়া ৬.৩০ বজাত এয়াৰ আৰৱৰ বিমানেৰে শ্বাৰজাহ হৈ কিৰগিস্তানলৈ যাব।প্ৰতিযোগিতাৰ সময়ত অনুষ্ঠিত হ’বলগীয়া WSLFৰ বিশেষ সভাত অসমৰ কৈলাস শৰ্মাও এজন বিষয়া হিচাপে উপস্থিত থাকিব বুলি জানিব পৰা মতে। উল্লেখ্য, ভাৰত চৰকাৰৰ হৈ কেন্দ্ৰীয় সামাজিক ন্যায় আৰু শক্তিকৰণ মন্ত্ৰী ৰামদাস আঠৱালে ৩ ছেপ্টেম্বৰত আবেলি প্ৰায় ৪.৩০ বজাত নতুন দিল্লীৰ ভাৰতীয় দলটোক সম্বৰ্ধনা জনাব।নৱম বিশ্ব ষ্ট্ৰেংথ লিফটিং চেম্পিয়নশ্বিপ-২০২২ত অসমৰ সিদ্ধাৰ্থ শইকীয়াই বিশ্ব অভিলেখৰ লগতে স্বৰ্ণ পদক, ৰাজুকুমাৰ দাসৰ ৰুপৰ পদক আৰু কৈলাশ শৰ্মাৰ ব্ৰঞ্জৰ পদক অৰ্জন লাভ কৰে।৫ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈকে চলি থকা নৱম বিশ্ব ষ্ট্ৰেংথ লিফটিং চেম্পিয়নশ্বিপ-২০২২ত তিনিগৰাকী অসমীয়া ভাৰাত্তোলকে দেশৰ লগতে অসমলৈ বিৰল সম্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

Leave A Reply