Breaking

ভাৰতৰ চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ জলপানি প্ৰদান চাৰি গৰাকী শিশু নৃত্য শিল্পীলৈ

0 107

সত্ৰীয়া নৃত্যৰ ওপৰত অধিক জ্ঞান আহৰণৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে (CCRT, Scholarship)
উত্তৰ গুৱাহাটী চাৰিগৰাকী ছাত্ৰীক প্ৰথমবাৰৰ কাৰণে একেলগে জলপানি আগবঢ়াইছে।

তেওলোক ক্ৰমে মনময়ুৰী ঠাকুৰীয়া ,উপাসনা হাজৰিকা, ভাৰ্গৱী কাশ্যপ , আৰু ভূমিকা হাজৰিকা । আটাইকেইজনে ভাৰতৰ চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত ২০২১-২২ আৰু ২০২২-২৩ বৰ্ষৰ CCRT Scholarship লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ উদ্যোগত উত্তৰ গুৱাহাটী স্থাপন হোৱা “সত্ৰীয়া ঐতিহ্য আৰু আধ্যাত্মিক কলা নিকেতন”ত নৃত্য বিষয়ত অধ্যয়ন কৰি আছে।

শিক্ষাৰ্থী সকলৰ ভিতৰত ভাৰ্গৱী কাশ্যপ আৰু উপাসনা হাজৰিকাই অধ্যাপক অতুল ভূঞাৰ তত্বাৱধানত প্ৰশিক্ষণ লৈ থকাৰ বিপৰীতে মনময়ুৰী ঠাকুৰীয়াই অধ্যাপক লক্ষ্মীকান্ত কাকতি আৰু ভূমিকা হাজৰিকাই সমীক্ষা ৰাণী বৰাৰ তত্বাৱধানত প্ৰশিক্ষণ লৈ আছে ।

“সত্ৰীয়া ঐতিহ্য আৰু আধ্যাত্মিক কলা নিকেতন”ৰ ৪ গৰাকীকৈ শিক্ষাৰ্থীয়ে একেসময়তে জলপানি লাভ কৰাত শিক্ষানুষ্ঠানৰ লগতে সমগ্ৰ উত্তৰ গুৱাহাটীবাসীয়ে আনন্দ প্ৰকাশ কৰিছে । গুৰু শিষ্য পৰম্পৰা অক্ষুণ্ণ ৰাখি মহাপুৰুষ গুৰুদুজনাৰ অপূৰ্ব সৃষ্টি সত্ৰীয়া সংস্কৃতিৰ বিকাশত আটাইকেইজনকে আত্মনিয়োগ কৰিবলৈ বিদ্যালয়খনৰ লগত জড়িত সকলোৱে আহ্বান জনাইছে ।

Leave A Reply