Breaking

ভিক্ষাবৃত্তিত লিপ্ত হোৱা চাৰি শিশুক উদ্ধাৰ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ ৷ পলাতক শিশুক ভিক্ষাবৃত্তিত লিপ্ত কৰা দুই কুখ্যাত ব্যক্তি

0 1,276

ডবকা, ২৬ চেপ্টেম্বৰ : হোজাইৰ ডবকাত ভিক্ষাবৃত্তিত লিপ্ত চাৰিগৰাকী শিশুক আজি উদ্ধাৰ কৰে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে ৷ এই চাৰি শিশুক ভিক্ষাবৃত্তিত নিয়োগ কৰিছিল এটা অসাধু চক্ৰই ৷ ডবকা চহৰৰ এটা ভাড়াঘৰত ৰাখি এওঁলোকক ভিক্ষাবৃত্তিত নিয়োগ কৰিছিল নগাঁও ধিঙৰ মাইনুল আৰু ৰুহুল আমিনে ৷ নগাঁও ধিঙৰ পৰা দুয়ো নিয়ন্ত্ৰণ কৰিছিল ভিক্ষাবৃত্তিৰ এই ব্যৱসায় ৷ সাংবাদিক, হোজাই জিলা আইনসেৱা প্ৰাধিকৰণ আৰু চাইল্ড লাইনে উদ্ধাৰ কৰে ভিক্ষা বৃত্তিত লিপ্ত চাৰিগৰাকী শিশু ৷ আজি ডবকা চহৰত ভিক্ষাবৃত্তিত লিপ্ত হোৱা চাৰিগৰাকী শিশুক প্ৰথমে প্ৰত্যক্ষ কৰে ডবকাৰ সাংবাদিক আব্দুল হান্নান তালুকদাৰে ৷ অনাহাৰে থাকি মাদ্ৰাছাৰ নামত ভিক্ষা কৰি থকা অৱস্থাতে ডবকাৰ সাংবাদিকজনে শিশুকেইটিক উদ্ধাৰ কৰি খৱৰ দিয়ে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণক ৷ সেইমৰ্মে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাং, পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ, চাইল্ড লাইন আৰু ডবকা আৰক্ষীয়ে শিশুকেইটিক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ অন্তত শিশু সুৰক্ষা গৃহলৈ প্ৰেৰণ কৰে ৷ ইফালে শিশুক ভিক্ষাবৃত্তিত নিয়োগ কৰা দুয়ো প্ৰৱঞ্চকৰ বিৰুদ্ধে চাইল্ড লাইনে ডবকা থানাত এটি গোচৰ তৰিছে ৷ ডবকা আৰক্ষীয়ে মাইনুল আৰু ৰুহুল আমিনক বিচাৰি চলাইছে অভিযান ৷ শিশুক ভিক্ষাবৃত্তিত নিয়োগ কৰাৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Leave A Reply