Breaking

সোণতলীত ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰা চাৰি অপৰাধীক আটক

0 1,106

সোণতলী : সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত সংঘটিত কৰা কোটি টকীয়া কেলেংকাৰীৰ লগত জড়িত চাৰি অপৰাধীক কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ জানিব পৰা মতে সোণতলী আৰক্ষীয়ে এক এজাহাৰৰ ভিত্তিত প্ৰথমে চাৰিজনকৈ অপৰাধীক আটক কৰে আৰু নিশাৰ ভিতৰতে বকো থানালৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, ছাত্ৰবৃত্তিৰ নামত কোটি টকা আত্মসাৎ কৰা চাৰি অপৰাধীৰ বিৰুদ্ধে ৩নং দক্ষিণ ৰাঙাপানী গাঁৱৰ হজৰত আলী নামৰ এজন ব্যক্তিয়ে সোণতলী আৰক্ষী চকীত তৰিছিল গোচৰ ৷ গোচৰৰ ভিত্তিত সোণতলী আৰক্ষীয়ে কালি চাৰিজনকৈ দুৰ্নীতিকাৰী ক্ৰমে আবুশ্বমা, আমিৰ হামজা, শুকুৰ আলী আৰু শ্বাইজুদ্দিনক আটক কৰে৷ উল্লেখ্য যে, এই চাৰি অপৰাধীক জামিনত মুকলি কৰি নিবলৈ কেবাটাও দালাল চক্ৰই একগোট হৈ কোচকাৱাজ চলাইছিল যদিও সেয়া সম্ভৱ নহ’ল ৷ সোণতলী আৰক্ষীয়ে নিশাৰ ভিতৰতে চাৰিওজনকে বকো থানালৈ প্ৰেৰণ কৰে৷ বৰ্তমান বকো আৰক্ষীয়ে চাৰিওজনকে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

Leave A Reply