Breaking

ব্যক্তিগত চিকিৎসালয়ত এগৰাকী মহিলাই জন্ম দিলে চাৰিটাকৈ সন্তান

0 2,446

বুধবাৰে ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংঘটিত হৈছে এক বিৰল ঘটনা । ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত অৱস্থিত স্বস্তি হাস্পতালত সুপৰ্ণা ঘোষ নামৰ এগৰাকী মহিলাই জন্ম দিয়ে চাৰিটাকৈ সন্তান ।
জানিব পৰা মতে এই প্ৰসূতিগৰাকী ধুবুৰী জিলাৰ। তেওঁ দীৰ্ঘদিন ধৰি চিকিৎসালয়খনৰ জ্যেষ্ঠ চিকিৎসক হিতেন্দ্ৰ কলিতাৰ তত্বাৱধানত চিকিৎসা গ্ৰহণ কৰি আছিল ।
বুধবাৰে মহিলাগৰাকীয়ে দুটি কন্যা সন্তানৰ লগতে দুটা ল’ৰা সন্তান জন্ম দিয়ে । প্ৰথম বাৰৰ বাবে চিকিৎসালয়খনত এই ঘটনা ঘটিছে বুলি চিকিৎসালয়খনৰ কৰ্তৃপক্ষই জনোৱাৰ লগতে মহিলাগৰাকী আৰু চাৰিওটা সন্তান বৰ্তমান সুস্থ অৱস্থাত থকাৰ কথাও উল্লেখ কৰে । এই ঘটনা পোহৰলৈ অহাত চহৰখনত তীব্ৰ চৰ্চা লাভ কৰাৰ লগতে হাস্পতালৰ চিকিৎসক-কৰ্মচাৰীৰ লগতে পিতৃ-মাতৃ যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় ।

Leave A Reply