Breaking

বাক্সাত তামুলপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে চাৰিজনৰ মনোনয়ন দাখিল

0 2,028

অহা ৩০ অক্টোবৰত ৰাজ্যত হ’ব লগীয়া উপ-নিৰ্বাচনক লৈ ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনী বতাহ ৷  বাক্সা জিলাৰ ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিতো বলিছে নিৰ্বাচনী বতাহ ৷ সমষ্টিটোত ইউপিপিএল দলৰ বিধায়ক লেহোৰাম বড়োৰ আকস্মিক মৃত্যুত খালী হৈছিল তামুলপুৰ বিধানসভা সমষ্টিৰ আসনখন ৷ আজি তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা চাৰি গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ৷ সম্পূৰ্ণ ক’ভিড প্ৰটকল মানি বাক্সাৰ মুছলপুৰস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰী, কংগ্ৰেছৰ প্ৰাৰ্থী ভাস্কৰ দাহাল, নিৰ্দলীয়ভাৱে প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী আৰু বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গনেশ কছাৰীয়ে ৷ চাৰিও গৰাকী প্ৰাৰ্থীয়ে পৃথকে পৃথকে নিৰ্বাচনী বিষয়া আশ্ৰাফুল আমিনৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে ৷ উল্লেখ্য যে তামুলপুৰত এইবাৰ জমি উঠিব নিৰ্বাচনী যুঁজ ৷ বিজেপি দলে মিত্ৰ দল ইউপিপিএলক তামুলপুৰ বিধানসভা সমষ্টিটো এৰি দিয়াত বিজেপি দলৰ ৰাজ্যিক সদস্য তথা প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে ৷ মনোনয়ন পত্ৰ দাখিল কৰি ইমানুৱেল মুছাহাৰীয়ে সমষ্টিটোৰ পৰা নিশ্চিত ভাৱে বিজয়ী হ’ব বুলি দাবী কৰে ৷ তেওঁ লগতে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক সমালোচনা কৰি কয় যে বিটিচিত বিজেপিয়ে কোনো কাৰণতে নিৰ্বাচনী যুজত অংশ নলয় ৷  সেয়ে প্ৰমোদ বড়োক হেচাঁ প্ৰয়োগৰ বাবে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ৷ ইফালে ইউপিপিএলৰ প্ৰাৰ্থীক সংগ দি ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাসে ইমানুৱেল মুছাহাৰীক মনোনয়ন উঠাই লোৱাৰ বাবে সংবাদ মাধ্যমত আহ্বান জনায় ৷ সেইদৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ইমানুৱেল মুছাহাৰীয়ে ৰাষ্ট্ৰীয় দলত থাকি নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৷ সমষ্টিটোৰ পৰা ইউপিপিএল দলৰ প্ৰাৰ্থীগৰাকীয়ে বিজয়ী হ’ব বুলি উল্লেখ কৰে প্ৰমোদ বড়োৱে ৷ আনহাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আগছুৰ প্ৰাক্তন সভাপতি ভাস্কৰ দাহালেও আজি মনোনয়ন পত্ৰ দাখিল কৰে ৷ ভাস্কৰ দাহালকে মনোনয়ন পত্ৰ দাখিলৰ সময়ত কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেবব্ৰত শইকীয়াই সংগ দিয়ে ৷

Leave A Reply