Breaking

বিটিআৰ চৰকাৰৰ জৰিয়তে ওদালগুৰিত ৫৭৩১গৰাকী ছাত্ৰলৈ বিনামূলীয়া চাইকেল বিতৰণ

0 2,029

ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ওদালগুৰি বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ উদ্যোগত আৰু জিলা অধিবিদ্যা পৰিষদৰ সহযোগত নৱম আৰু দশম শ্ৰেণীৰ ৫৭৩১ গৰাকী দৰিদ্ৰ সীমা ৰেখাৰ তলৰ দুখীয়া ছাত্ৰলৈ চাইকেল বিতৰণ কৰা হয়।ওদালগুৰি জিলা বিদ্যালয়ৰসমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত চাইকেল বিতৰণ অনুষ্ঠানত উপস্থিত থাকি বিটিচিৰ উপ মুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে কয়- ছাত্ৰ ছাত্ৰী সকলে অধ্যয়নৰ জৰিয়তে চৰকাৰী সা সুবিধাও গ্ৰহন কৰিব লাগিব।উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি হৰিশিঙা সমষ্টিৰ এম চি এল এ সঞ্জয় স্বৰ্গীয়াৰীয়েও বক্তব্য ৰাখে।ওদালগুৰি জিলাৰ ৮১খন বিদ্যালয়ৰ সামৰি মুঠ ৫৭৩১ খন চাইকেল বিতৰণ কৰা অনুষ্ঠানত ৫খন বিদ্যালয়ৰ ৫গৰাকীকৈ ছাত্ৰক প্ৰতীকি হিচাপে ২৫খন বিনামূলীয়া চাইকেল আনুষ্ঠানিকভাবে বিতৰণ কৰা হয়।ওদালগুৰি জিলা অধিবিদ্যা পৰিষদৰ সহকাৰী সম্পাদক গায়ত্ৰী ভট্টৰায়ে আঁঁতধৰা  বিটিআৰ চৰকাৰৰ জৰিয়তে বিতৰণ কৰা উক্ত অনুষ্ঠানত উপস্থিত থাকে বিটিআৰৰ এম চি এল এ সঞ্জয় স্বৰ্গীয়াৰী,এম চি এল এ দীপক মৌৰ, ওদালগুৰি জিলা বিদ্যালয়ৰ সমূহৰ পৰিদৰ্শকৰ লগতে বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষ,অধ্যক্ষা,প্ৰধান শিক্ষক সকল উপস্থিত থকাৰ উপৰিও ছাত্ৰ-ছাত্ৰী সকল উপস্থিত আছিল।

Leave A Reply