Breaking

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত দুধনৈত ৩য় আৰু ৪ৰ্থ বৰ্গৰ পদত চাকৰি প্ৰত্যাশীৰ বাবে বিনামূলীয়া কোচিং

0 1,627

ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন বিভাগত খালী হৈ থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ সমূহ পূৰণৰ ব্যৱস্থা কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আদৰণি জনাই ৰাভা হাছং এলেকাৰ এই পদত চাকৰি প্ৰাৰ্থী সকলৰ বাবে সুবিধা হোৱাকৈ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা পৰিষদীয় এলেকাত পাঁচটাকৈ বিনামূলীয়া কোচিং চেণ্টাৰ অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰী তথা চাকৰি প্ৰাৰ্থীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । ইতিমধ্যে এক সংবাদমেলৰ জৰিয়তে এই বিষয়ে সদৰী কৰিছিল পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। যোৱা ২৮ জুলাইৰ পৰা ৩১ জুলাইলৈ বকোস্থিত জৱাহৰলাল নেহৰু কলেজৰ প্ৰেক্ষাগৃহত আবেদনকাৰীক কোচিং দিয়াৰ লগতে ২৯ জুলাইৰ পৰা ১ আগষ্টলৈ ৰংজুলিৰ প্ৰগতি সংঘত আবেদনকাৰীক কোচিং দিয়া হয়। ইপিনে আজিৰে পৰা অহা ৫ আগষ্টলৈ দুধনৈ জনমন্দিৰ প্ৰাংগণত ৰাভা হাচং পৰিষদৰ উদ্যোগত আৰু দুধনৈ মহাবিদ্যালয়ৰ সহযোগত বিনামূলীয়া কোচিংৰ ব্যৱস্থা কৰা হৈছে।

২আগষ্টত দিনৰ চাৰে দহ বজাত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই বন্তি প্ৰজ্জ্বলনেৰে প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকি দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ললিত চন্দ্ৰ ৰাভাই নিজৰ মন্তব্যত কয় যে এজন যোগ্য চাকৰি প্ৰাৰ্থীয়ে উপযুক্ত প্ৰশিক্ষণ নথকাৰ বাবেই অৱশেষত চাকৰি লাভৰ পৰা বঞ্চিত হয়৷ পৰিষদে ব্যবস্থা লোৱা এই কোচিং চেন্টাৰৰ জৰিয়তে চাকৰিপ্ৰাৰ্থী সকলে চাকৰি লাভৰ ক্ষেত্ৰত যঠেষ্ট লাভবান হব৷ আনহাতে টংকেশ্বৰ ৰাভাই চাকৰি প্ৰত্যাশী সকলক উদ্দেশ্যি কয় যে এটা চাকৰিৰ বাবে এজন চাকৰি প্ৰাৰ্থীক কেনেদৰে উপযুক্ত কৰি তুলিব পাৰি সেই কথাক গুৰুত্ব দি এনে এটা পৰিবেশ গঢ়ি তুলিবলৈ বিচৰা হৈছে যাৰ দ্বাৰা এজন চাকৰি প্ৰাৰ্থীয়ে গভীৰ আত্মবিশ্বাসেৰে ইন্টাৰভিউত বহিব পাৰে৷ অহা বছৰৰ পৰা পৰিষদীয় এলেকাত ১০ টা ফ্ৰী কোচিং চেন্টাৰ আয়োজন কৰা হব আৰু বছৰত তিনিটাকৈ কোচিং চেন্টাৰৰ ব্যবস্থা কৰিব৷ আনহাতে ৰাভা হাছং এলেকাৰ যিসকল অৰ্হতাসম্পন্ন আগ্ৰহী যুৱক যুৱতীয়ে হোটেল মেনেজমেন্ট পঢ়িব বিচাৰে তেওঁলোকৰ ১০ গৰাকীক বাচনি কৰি ৰাভা হাছং পৰিষদৰ তৰফৰ পৰা সম্পূৰ্ণ বিনামুলীয়াকৈ পঢ়াৰ ব্যবস্থা কৰা হব৷

ইপিনে ৩০ জুলাইৰ পৰা ২ আগষ্টলৈ বালিজানা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আবেদনকাৰীৰ বাবে কোচিংৰ ব্যৱস্থা কৰা হৈছে। প্ৰশিক্ষণ কেন্দ্ৰ সমূহত আবেদনকাৰী সকলৰ সুবিধা হোৱাকৈ সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান, ইংৰাজী তথা সাধাৰণ জ্ঞান আদি পৰীক্ষাৰ লগত মুখামুখি হব পৰা বিভিন্ন দিশ সাঙুৰি প্ৰশিক্ষণ দিয়াৰ বাবে জ্যেষ্ঠ আৰু অভিজ্ঞ প্ৰশিক্ষক উপস্থিত থাকে। আজিৰ অনুষ্ঠানত পৰিষদৰ অধ্যক্ষ চাৰু মোহন ৰাভা, পৰিষদৰ প্ৰধান সচিব প্ৰাঞ্জল চৌধুৰী, গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি বীৰঞ্জন ৰাভা, গোৱালপাৰা জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি ৰত্নেশ্বৰ ৰাভা, পৰিষদৰ কাৰ্যবাহী সদস্য তাপস কুমাৰ দে আৰু হিতেশ ৰাভা পাটগিৰি উপস্থিত থাকে। আনহাতে কালি গণিতৰ বিষয়ে প্ৰশিক্ষণ দিয়ে দুধনৈ মহাবিদ্যালয়ৰ গণিত বিভাগৰ প্ৰৱক্তা ডঃ মৃদুল দত্তই। আজি ইংৰাজী বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়।

Leave A Reply