Breaking

দিহিং-পাটকাইত মুক্ত কয়লা খনন : নাজিৰাত বীৰ লাচিত সেনাৰ মানৱ শৃংখলেৰে বৃহৎ প্ৰতিবাদ : মুখ্যমন্ত্ৰী, বনমন্ত্ৰীলৈ স্মাৰক পত্ৰ ।

0 114

নাজিৰা পৰা দিলীপ হাজৰিকা

 বিশ্ব পৰিৱেশ দিৱসৰ দিনা প্ৰাকৃতিক ভাৰসাম্য সুৰক্ষিত কৰি ৰখাৰ বাবে প্ৰান্তে প্ৰান্তে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰাল ভাৱে বি জে পি নেৰ্তৃত্বাধীন চৰকাৰে অসমৰ চিৰ সেউজীয়া প্ৰাকৃতিক ভাৰসাম্যতা নি:শেষ কৰি কেৱল লুণ্ঠনৰ স্বাৰ্থতে দিহিং পাটকাই বৰ্ষাৰণ্যত মুক্ত কয়লা খননৰ ব্যৱস্থাক সম্প্ৰতি সৰ্বত্ৰে প্ৰতিবাদ অব্যাহত আছে । চৰকাৰৰ এনে হঠকাৰী কাৰ্যৰ বিৰুদ্ধে আজি গৰজি উঠিল ” বীৰ লাচিত সেনা , অসম”ৰ নাজিৰা মহকুমা সমিতি । সংগঠন টোৰ নেৰ্তৃত্বত আজি দুপৰীয়া নাজিৰা নাট্য মন্দিৰ প্ৰাংগণত এক বৃহৎ মানৱ শৃংখলৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বীৰ লাচিত সেনা , অসমৰ নাজিৰা মহকুমা সমিতিৰ সাংগঠনিক সম্পাদক দীপাংকৰ বেজবৰুৱাই আত ধৰা কাৰ্যসূচীত সংবাদসেৱী দিলীপ হাজৰিকা , সংগঠনটোৰ মহকুমা সমিতিৰ যুটীয়া সম্পাদক অনুপম সন্দিকৈ , সহকাৰী সাধাৰণ সম্পাদক কৃষ্ণ কান্ত কোৱৰ , শিমলুগুৰি আঞ্চলিক সমিতিৰ সম্পাদক অভিজিৎ কোৱৰ আদিকে ধৰি ভালেকেইজনে বক্তব্যৰ প্ৰসংগত চৰকাৰৰ এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি কয় যে , জৈৱ বৈচিত্ৰৰে ভৰপুৰ বিভিন্ন প্ৰজাতিৰ ২৯৩ বিধ চৰাই – চিৰিকটি , ৪২ বিধ স্তন্যপায়ী প্ৰাণী , ৪০ বিধ সৰীসৃপ , ৩০ বিধ পখিলা পোৱাৰ উপৰি দিহিং পাটকাই বৰ্ষাৰণ্যত হলৌ বান্দৰ , লাজুকী বান্দৰ , নেজীয়া বান্দৰ , সেন্দুৰী বান্দৰ , টুপীমূৰীয়া বান্দৰ , হাতী , ঢেকীয়াপতীয়া , নাহৰফুটুকী বাঘ , বনৰীয়া ম’হ , পেংগলিন , ভালুক , কেৰ্কেটুৱা , গোধাফুটুকী বাঘ , শৰপহু , সুগৰি পহু , সোনালী মেকুৰী আদি কৰি বিভিন্ন আপুৰুগীয়া জন্তুৰ বাসস্থান স্থলী হিচাপে চিৰ পৰিচিত এই দিহিং পাটকাই বৰ্ষাৰণ্য । এই বৰ্ষাৰণ্য খন উত্তৰ- পূবৰ “আমাজান ” হিচাপে প্ৰখ্যাত । মানৱ সমাজলৈ অক্সিজেনকে ধৰি প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি অহা এই ক্ষেত্ৰখনত চৰকাৰে মুক্ত কয়লা খননৰ বাবে অনুমতি প্ৰদান কৰি যি হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে , তেনে কাৰ্যৰ জৰিয়তে জীৱকুল তথা মানৱ সমাজলৈ এক অশনি সংকেত কঢ়িয়াই আনিব আৰু জৈৱ বৈচিত্ৰ বৰ্ষাৰণ্য খনলৈ চৰম ভাবুকি কঢ়িয়াই আনিব । চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই আৰু এনে কাৰ্য প্ৰত্যাহাৰ নকৰিলে অনাগত সময়ত অধিক তীব্ৰতাৰে গণ আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে । প্ৰতিবাদকাৰী সকলে ” প্ৰকৃতিৰ ওপৰত অত্যাচাৰ বন্ধ কৰক , দিহিং পাটকাইত কয়লা খনন বন্ধ কৰক , অসমখন সেউজীয়া হৈ থাকিবলৈ দিয়ক , অসমৰ সম্পদসমূহ লুণ্ঠনৰাজ বন্ধ কৰক ” বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তুলে । পিছত বীৰ লাচিত সেনা , অসমৰ নাজিৰা মহকুমা সমিতিৰ সভাপতি প্ৰাঞ্জল শইকীয়া আৰু যুটীয়া সম্পাদক অনুপম সন্দিকৈ স্বাক্ষৰিত নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী আৰু বনমন্ত্ৰীলৈ প্ৰদান কৰা এখনি  স্মাৰক পত্ৰৰ জৰিয়তে দিহিং পাটকাই বৰ্ষাৰণ্যত মুক্ত কয়লা খনন কাৰ্য শীৰ্ঘ্ৰে বন্ধ কৰাৰ দাবী জনায় । 

Leave A Reply