Breaking

দগীয়াপাৰাত চিআৰএচডিটি’ ৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন

0 62

সামাজিক সাংস্কৃতিক সংস্থা ‘ চিআৰএচডিটি’ ৰ উদ্যোগত আৰু পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত বন্যাৰ্ত জনসাধাৰণৰ ৰোগ ব্যাধি নিৰাময় কৰাৰ মানসেৰে এটি বিনামূলীয়া চিকিৎসা শিবিৰৰ পশ্চিম দৰঙৰ ২ নং দগীয়াপাৰা শিৱ মন্দিৰ প্ৰাংগনত আজি সফলতাৰে সম্পন্ন হয়।

ভেৰুৱা ,দগীয়াপাৰা, মাহৰিপাৰা আদি গাঁৱৰ শতাধিক ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰা এই শিবিৰটিত পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কেইবাজনো অভিজ্ঞ চিকিৎসক উপস্থিত থাকে । বন্যাৰ্ত ৰাইজৰ সুস্বাস্থ্য কামনাৰে আয়োজিত কৰা এই শিবিৰটিৰ সমন্বয়ৰক্ষী হিচাপে থাকে যুৱ সমাজকৰ্মী অমৰজ্যোতি ডেকা ।

শিবিৰটিৰ সাৰ্থক আয়োজনত বিশেষভাৱে সহযোগিতা আগবঢ়ায় ভাৰতীয় জনতা যুৱ মৰ্চাৰ পাথৰিঘাট মণ্ডল সমিতিৰ কেইবাগৰাকীও কাৰ্যকৰ্তাই।’সৰ্বে সন্তু নিৰাময়’ আদৰ্শ বাক্যৰে প্ৰেৰিত হৈ জনসাধাৰণৰ সুস্বাস্থ্য বাবে ব্যাপক ভাৱে কাৰ্য কৰা হ’ব বুলি ‘ চিআৰএচডিটি’ ৰ সচিব ভাৰ্গৱ কলিতাই মতপোষণ কৰে।

Leave A Reply