Breaking

কাৰ্বিআংলং ৰ পয্যটন স্থলীত সশস্ত্ৰ কুকি উগ্ৰপন্থীৰ মুক্ত বিচৰণ : বন্ধ হল টকৌলাংচ জলপ্ৰপাত : পয্যটকৰ প্ৰৱেশ নিষিদ্ধ

0 1,313

বোকাজান : প্ৰকৃতিৰ মনোৰম নৈসৰ্গিকতাৰে ভৰপূৰ পৰ্য্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু কাৰ্বিআংলং জিলাৰ বোকাজান মহকুমাৰ বালিপথাৰৰ টকৌলাংচ জলপ্ৰপাতস্থলিত অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত উগ্ৰপন্থী সদস্যৰ মুক্ত বিচৰণে সমগ্ৰ জিলাখনত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। যোৱা দেওবাৰে টকৌলাংচ জলপ্ৰপাতথলিত জলকেলি বিনোদন কৰিবলৈ যোৱা এটা স্থানীয় পৰ্য্যটকৰ দল যাত্ৰা পথত হঠাৎ এটা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সদস্যৰ লগত মুখামুখি হয়। হাতে হাতে মাৰণাঅস্ত্ৰ লৈ কোনো গন্তব্য স্থানলৈ যাত্ৰা কৰি থকা উগ্ৰপন্থী সদস্যসকলে পৰ্য্যটকৰ দলটোৰ কোনো ক্ষতি নকৰি শাৰী শাৰী কৈ গৈ থাকে। এই সমগ্ৰ দৃশ্য পৰ্য্যটকৰ দলটোৰ এজনে নিজৰ মোবাইল কেমেৰাত গোপনে আবদ্ধ কৰি ৰাখে। পৰৱৰ্তী সময়ত এই ভিডিঅ’ ভাইৰেল হৈ পৰাত জিলাবাসীৰ লগতে কাৰ্বিআংলং জিলা আৰক্ষী প্ৰশাসনৰ মাজতো তীব্র চাঞ্চল্য সৃষ্টি হয়। পাহাৰীয়া জিলাখনত উগ্ৰপন্থীৰ বিৰুদ্ধে আৰক্ষীয়ে সততে কঠোৰ স্থিতি গ্ৰহণ কৰি অহা পাছতো দিন দুপৰতে উগ্ৰপন্থীৰ এনে মুক্ত বিচৰণে সকলোকে শংকিত কৰি তুলিছে। উগ্ৰপন্থী সংগঠনৰ মুক্ত বিচৰণৰ দৃশ্য ভাইৰেল হৈ পৰা ঘটনাৰ পাছতে সোমবাৰে ততাতৈয়াকৈ টকৌলাংচত আৰক্ষীৰ এটা উচ্চ স্তৰীয় দল উপস্থিত হৈ ঘটনাস্থলি পৰিদর্শন কৰে। দুৰ্গম অঞ্চলটোত উগ্ৰপন্থীৰ গতি বিধি সম্পৰ্কত আৰক্ষীয়ে গোপন তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে ভিডিঅ’টোত থকা উগ্ৰপন্থী সদস্যসকলক কুকি উগ্ৰপন্থী সংগঠনৰ সদস্য বুলি চিনাক্ত কৰা হৈছে। আৰু তেওঁলোকৰ হাতত এম কে ১৬, একে ছিৰিজৰ দৰে অত্যাধুনিক মাৰণাস্ত্ৰ দেখিবলৈ পোৱা গৈছে। উগ্ৰপন্থী সদস্যসকলৰ ভিতৰত ইউপিআৰএফৰ মুখ্য সেনাধ্যক্ষ মাইক গাউতো থকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত বালিপথাৰ অঞ্চলৰ পৰা ১২ কিলোমিটাৰ সোমাই গলে পয্যটনস্থলি টকৌলাংচ পোৱা যায়। কিছু দুৰ্গম ঠাইত অৱস্থিত টকৌলাংচ লৈ গৰমৰ দিনকেইটাত জলকেলীৰ বাবে শ শ পৰ্য্যটকৰ আগমণ ঘটে। বৰ্তমান শনি-দেওবাৰে সম্পূৰ্ণ লকডাউন্ অব্যাহত থকাত সেই দিন দুটাত টকৌলাংচ জলপ্ৰপাতত শ শ লোকৰ আগমণ ঘটে। উগ্ৰপন্থীৰ এই মুক্ত বিচৰণৰ চাঞ্চল্যকৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতে সম্ভাব্য বিপদ আৰু নিৰাপত্তাজনিত কাৰণত বোকাজান আৰক্ষী প্ৰশাসনে টকৌলাংচ পৰ্য্যটনস্থলি অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়ে।

Leave A Reply