Breaking

শিৰিশটিকাত বিনামূলীয়া কাঠফুলা প্ৰশিক্ষণ শিবিৰ সম্পন্ন…

0 24

সম্প্ৰীতি কৃষক উৎপাদক কোম্পানীৰ অভিনৱ প্ৰদক্ষেপ।গ্ৰাম্য উন্নয়নৰ উদেশ্যেৰে কাঠফুলা খেতিৰ জড়িয়তে মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ এক প্ৰয়াস।সম্প্ৰীতি কৃষক উৎপাদক কোম্পানীৰ উদ্যোগত গ্ৰান্ট থ্ৰন্টন ভাৰত(Grant Thornton), এইচ ডি এফচি (HDFC Parivartan) তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান অসমৰ উদ্যোগত কাকডোঙা উন্নয়ন খণ্ডৰ পূৱ ব্ৰহ্মপুত্ৰ গাওঁ পঞ্চায়তৰ মহিলাসকলৰ স্বাৱলম্বিতাৰ অৰ্থে তিনিদিনীয়াকৈ কাঠফুলা খেতিৰ প্ৰশিক্ষণ দিয়া হয়।পূৱ ব্ৰহ্মপুত্ৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ মহিলাসকলক সামৰি প্ৰায় দুশ গৰাকী মহিলাক তিনিটা ভাগত এই খেতিৰ প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক শ্ৰীযুত ইক্ৰামূল হক।প্ৰশিক্ষক ইক্ৰামূল হকে কাঠফুলাৰ খেতিৰ জৰিয়তে নিবনুৱা মহিলা সকলে স্বাৱলম্বী হোৱা সম্পৰ্কে বহলাই উল্লেখ কৰা লগতে কাঠফুলাৰ খেতিৰ বীজৰ পৰা আৰম্ভ কৰি কেনেধৰণে উৎপাদন কৰা হয় ইয়াৰ সম্পৰ্কে সুন্দৰকৈ প্ৰশিক্ষণ দিয়ে৷এই প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষণ লোৱা মহিলাসকলক প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়।

প্ৰশিক্ষন অনুস্থানত কাকডোঙা ব্লকৰ প্ৰজেক্ট মেনেজাৰ ঋতুন বাইলুংৰ লগতে গ্ৰান্ট থ্ৰন্টনৰ কনচালটেন্ট চিৰঞ্জীৱ দুৱৰা,দিব্যজ্যোতি কলিতা, ৰাজদ্বীপ বৰা আৰু সম্প্ৰীতি কৃষক উৎপাদক কোম্পানীৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। কাকডোঙা উন্নয়ন খণ্ডৰ শিৰিশটিকাৰ বাঁহগুৰি মিৰি গাঁৱৰ মহিলাসকলকক আৰ্থিক ভাৱে স্বাৱলম্বী কৰাৰ উদ্দেশ্য আগত ৰাখি গ্ৰান্ট থ্ৰন্টনে ইয়াৰপূৰ্বেও এনেধৰণৰ পদক্ষেপ হাতত লোৱা দেখিবলৈ পোৱা গৈছে।উল্লেখ্য যে গ্ৰান্ট থ্ৰন্টন ভাৰত ভাৰত, এইচ ডি এফচি (HDFC) পৰিবৰ্তন আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সমৰ্থনত গঢ়ি উঠা সম্প্ৰীতি কৃষক উৎপাদক কোম্পানীয়ে মহিলা সকলৰ উন্নয়নৰ বাবে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ লগতে মহিলা সকলক সংস্থাপনৰ বাট মুকলি কৰাই দিবলৈ সক্ষম হৈছে।

Leave A Reply