Breaking

ঐতিহ্য মণ্ডিত দিকৰাই চাহ বাগিচাৰ দূৰ্গোৎসৱৰ পূৰ্ণ প্ৰস্তুতি

0 2,047

বিশ্বনাথ জিলাৰ চতিয়াৰ বৃহৎৰ দিকৰাই চাহ বাগিচাৰ ঐতিহ্য মণ্ডিত দূৰ্গাপূজা ক’ভিড নীতি-নিৰ্দেশনাৰ মাজতে পালন কৰিবলৈ চলাইছে পূৰ্ণ প্ৰস্তুতি। শেহতীয়াকৈ অসম চৰকাৰ তথা স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জিলাখনৰ অন্যতম উল্লেখযোগ্য ঠাই ইটাখোলাৰ দিকৰাইত অনুষ্ঠিত হব দূৰ্গোৎসৱ। সোনালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা দিকৰাই চাহ বাগিচাৰ কেন্দ্ৰীয় দূৰ্গা পূজাভাগ আড়ম্বপূৰ্ণ ভাবে অনুষ্ঠিত হোৱাৰ বিপৰীতে কোনোধৰণৰ দোকান পোহাৰ লগা নহয় বুলি জানিব পৰা গৈছে । বছৰ বছৰ ধৰি ইটাখোলাৰ দিকৰাইৰ দূৰ্গাপূজাৰ ষষ্ঠিৰ দিন ধৰি পূজাভাগত অঞ্চলজুৰি এক আনন্দ-উল্লাসৰ পৰিৱেশ বিৰাজ কৰাৰ বিপৰীতে যোৱা মহালয়াৰ দিন ধৰি মাংগলিক পৰ্বও আনুষ্ঠানিক ভাবে সম্পন্ন হৈ যোৱাৰ পিচতো তেনে কোনো পুৰ্ব্বৰ উচ্চাহ পূৰ্ণ পৰিৱেশ পৰিলক্ষিত হোৱা নাই। যোৱাটো বৰ্ষৰ লগতে সাম্প্ৰতিক কভি’ড-১৯ ৰ মহামাৰীৰ ৰূপধাৰনে এক অনিশ্চিয়তাৰ মাজত পূজা ভাগ উদ্যোক্তাই আয়োজন কৰিছে যদিও সম্পূৰ্ণ স্বাস্থ্য বিধিৰ মাজেৰে চৰকাৰী নীতি-নিৰ্দ্দেশনাৰ মাজেৰে পূজা ভাগৰ ব্যৱস্থা কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিছে। কেৱল পূজাভাগ আনুষ্ঠানিক ভাবে পালনৰ আয়োজনেৰে অনুষ্ঠিত পূজা মণ্ডপৰ আশে-পাশে নাই কোনো দোকান-পোহাৰ নাই শিশুসকলৰ মনোৰঞ্জণৰ সামগ্ৰী পুতলা-বেলুনৰ দোকানৰ আয়োজন। পূজা মণ্ডপৰ কাষে-কাষে পূজা আয়োজকে আৰি থোৱাৰ ব্যৱস্থা “বিনা মাস্ক পৰিধানত প্ৰৱেশ নিশেধ,সামাজিক দূৰত্ব ৰক্ষা কৰক,হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক” আদিৰ ফলক। ইয়াৰ উপৰিও পূজা মণ্ডপটি আটকধুনীয়াকৈ আহল-বহলকৈ প্ৰস্তুত কৰি দৰ্শনাৰ্থীৰ বাবে প্ৰৱেশ পথ এটা আৰু প্ৰস্থানৰ পথ সুকীয়াকৈ সাজু কৰাৰত ক্ষিপ্ৰ গতিত ব্যস্ত  হৈছে বুলি কোৱাৰ লগতে ঐতিহ্যমণ্ডিত দিকৰাই দূৰ্গোৎসৱটিত পূৰ্ব্বৰ দৰে অঞ্চলটিৰ অগণণ ভক্তপ্ৰাণ ৰাইজ উপস্থিত হোবাৰ আশংকা কৰি এইবেলি পূজাস্থলীলৈ আহিলে চৰকাৰী নিৰ্দেশনা অনুসৰি ভক্তসকল অতিকৈ হলেও প্ৰথম পালি ক’ভিড ভেকচিন লোৱাটো নিশ্চিত্ত কৰিবলৈ আহ্বনান জনাইছে উদযাপন সমিতিৰ উপ-সভাপতি সুৰেশ তাঁ‌তী আৰু সহকাৰী সম্পাদক গোপাল চৱৰে। উল্লেখ্য যে জিলাখনৰ দিকৰাই দূৰ্গাপূজাৰ আনন্দ উৎসৱৰ স্মৃতি ৰোমন্থন কৰি আহিছে যদিও পূৰ্ব্বৰ দৰে এইবাৰো নাই তেনে কোনো ৰোমন্থনৰ পৰিৱেশ। কিয়নো এই বেলি দিকৰাই দূৰ্গোৎসৱত বিগত বৰ্ষৰ দৰে আনন্দ মেলা অথবা পূজা থলীৰ চৌপাশে নাই কোনো ধৰনৰ ব্যৱসায়ী-বাণিজ্যৰ দোকান-পোহাৰৰ ব্যৱস্থা। একেদৰে বিজয়া দশমীৰ দিনা আড়ম্বপূৰ্ণ ভাবে বিসৰ্জনৰ পৰিবৰ্তে দিকৰাই দূৰ্গা পূজা আয়োজক সমিতিয়ে অনুষ্টুপীয়াকৈ দিকৰাই নৈত বিসৰ্জনৰ ব্যৱস্থা কৰাৰ কথা। অৱশ্যে বিসৰ্জনৰ বাবে যোৱা ক’ভিড পৰিস্থিতিত বহু ভক্ত প্ৰাণ ৰাইজ সমবেত হোৱা পৰিলক্ষিত হৈছিল যদিও এই বেলি তেনে কোনো ৰাইজৰ বিশেষ সমাগম নকৰে বুলি মন্তব্য কৰিছে পূজা উদযাপন সমিতিৰ সভাপতি বিজেন্দ্ৰ তচা আৰু যুটীয়া সম্পাদক আনন্দ তচাই।

Leave A Reply