Breaking

দিল্লীত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শেষকৃত্য

0 1,315

দৈনন্দিন বাৰ্তা ডেস্ক : সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে দিল্লীত শেষকৃত্য সম্পন্ন হ’ল দেশৰ প্ৰাক্তন ৰাষ্ট্ৰীয় প্ৰণৱ মুখাৰ্জীৰ ৷ দিল্লীৰ লোদী ৰ’ডত গান চেলুটৰ মাজেৰে শেষ বিদায় জনোৱা হ’ল দেশৰ ১৩তম ৰাষ্ট্ৰপতিক ৷ ইয়াৰ লগে লগে অৱসান হ’ল পাঁচ দহক দিল্লীত বৰ্ণময় ৰাজনীতি কৰা প্ৰণৱ মুখাৰ্জী যুগৰ ৷ চিকিৎসা চলি থকা সময়তে প্ৰণৱ মুখাৰ্জীৰ ক’ৰোনা ৰিপৰ্ট পজিটিভ আহে ৷ তেওঁক দিল্লীৰ ৰাজাজী ৰ’ডৰ ঘৰৰ পৰা আৰম্ভ কৰি লোদী ৰোডৰ মহাশ্মশানত সকলোৱে ক’ভিড নিয়ম মানি শেষকৃত্য কৰে ৷ পিপিই কিট পৰিধান কৰি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে পুত্ৰ অভিজিৎ মুখাৰ্জীয়ে ৷ পৰিয়ালৰ আন সদস্যইও পিপিই কিট পৰিধান কৰি শ্মশানত উপস্থিত হয় ৷ সকলোৱে ক’ভিড নিয়ম মানি শেষকৃত্যত উপস্থিত থাকে ৷ অৱশ্যে ইয়াত লোকৰ সংখ্যা সীমিত ৰখা হৈছিল ৷ ইয়াৰ আগতে দিল্লীৰ সেনা হাস্পতালৰ পৰা প্ৰণৱ মুখাৰ্জীৰ মৃতদেহ লোদী ৰ’ডৰ বাসভৱনলৈ অনা হয় ৷ তাতে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীসহ শাসক-বিৰোধীসহ সকলো দলৰ ৰাজনীতিবিদে তেওঁক শেষ শ্ৰদ্ধা জনায় ৷ ইপিনে ক’ভিডৰ বাবে মৃতদেহ ঘৰৰ এটা কোঠাত ৰখা হয় ৷ কিন্তু তাত কাকো সোমাবলৈ দিয়া নাছিল ৷ তাৰ পৰিবৰ্তে এটা বেদি তৈয়াৰ কৰি প্ৰণৱ মুখাৰ্জীৰ ছবি ৰখা হয় ৷ সেই ছবিতে সকলোৱে ফুল, মালা দি শ্ৰদ্ধা জনায় ৷ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ উপৰি প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতিক শ্ৰদ্ধা জনায় উপৰাষ্ট্ৰপতি বেংকয়া নাইডু, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, চিফ অব ডিফেন্স ষ্টাফ বিপিন ৰাৱাত, সস্ত্ৰীক প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, কংগ্ৰেছৰ লোকসভাৰ দল নেতা অধীৰ চৌধুৰী, কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালসহ বহু নেতা-মন্ত্ৰী আৰু সাধাৰণ লোক ৷ তেওঁৰ মৃত্যুত সাত দিন ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে কেন্দ্ৰই৷ এই সাত দিন ৰাষ্ট্ৰীয় পতাকি অৰ্ধনমিত কৰা হ’ব ৷

Leave A Reply