Breaking

ভৱিষ্যতৰ চিকিৎসকসকলে গাঞ্জা খেতি কৰে, গ্ৰাহক আন ছাত্ৰ-ছাত্ৰী! গ্ৰেপ্তাৰ ৫ জন

0 83

ভাং খেতি আৰু ভাং ব্যৱসায়ৰ অভিযোগত ৫ জন চিকিৎসা বিজ্ঞানৰ ছাত্ৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

কৰ্ণাটক আৰক্ষীৰ তথ্য অনুসৰি নিষিদ্ধ ড্ৰাগছৰ খেতি আৰু ব্যৱসায়ৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা পাঁচজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আটাইকেইজনেই ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ত পঢ়ে। এম বি বি এছৰ চূড়ান্ত বৰ্ষৰ পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত বিঘ্নাৰাজ, বিনোদ কুমাৰ, পাণ্ডিদোৰাই আৰু অৰ্পিতা। ছাত্ৰ ছাত্ৰী কেইজন তামিলনাডু আৰু কৰ্ণাটক ৰাজ্যৰ বাসিন্দা।

গোপনীয় সূত্ৰৰ পৰা তথ্য লাভ কৰি শুকুৰবাৰে কৰ্ণাটক আৰক্ষীয়ে এটা বাসগৃহত অভিযান চলায়। গুৰপুৰা অঞ্চলত অৰ্পিতা আৰু আব্দুল খায়্যাম নামৰ দুজনক সন্দেহজনক কাম কৰাৰ অভিযোগত জেৰা আৰম্ভ কৰে। ইয়াৰ পিছত তাৰ পৰা প্ৰায় ২০ হাজাৰ টকাৰ গাঞ্জা উদ্ধাৰ কৰা হয়। চিকিৎসা বিজ্ঞানৰ ছাত্ৰ দুজনক জেৰা কৰাৰ পিছত তদন্তকাৰীয়ে আন একাংশ অভিযুক্তক উদ্ধাৰ কৰে।

আৰক্ষীয়ে জনোৱা মতে, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ বিঘনাৰাজে ভাড়াঘৰত গাঞ্জাৰ খেতি আৰম্ভ কৰিছিল। ভাং খেতিৰ বিষয়ে অধ্যয়ন কৰিছিল। ইণ্টাৰনেটত এই বিষয়ে তথ্য সংগ্ৰহ কৰাৰ পিছত অনলাইনত ভাংৰ গুটি কিনিছিল। অভিযুক্তই বিশেষ বাল্ব ব্যৱহাৰ কৰি কৃত্ৰিম সূৰ্যৰ পোহৰত এই ভাঙৰ খেতি আৰম্ভ কৰে। তাৰ বন্ধু দুই বিনোদ আৰু পাণ্ডিডোৰাই গাঞ্জা কিনিছিল।

তদন্তকাৰীৰ মতে, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা প্ৰায় ডেৰ কেজি ভাং, ১০ গ্ৰাম হাছিছ, ভাংৰ গুটি, বৈদ্যুতিক ৱাশ্বিং মেচিন, ৬টা টেবুল ফেন, দুটা ষ্টেবিলাইজাৰ, এল ই ডি লাইট আৰু ১৯ হাজাৰ টকা নগদ ধন জব্দ কৰে। গ্ৰেপ্তাৰ কৰা ছাত্ৰ ছাত্ৰী খেইজনৰ বিৰুদ্ধে ৰুজু হৈছে ড্ৰাগছৰ গোচৰ।

Leave A Reply