Breaking

জনসম্পৰ্ক অভিযান আৰম্ভ কৰে গহপুৰৰ বিধায়ক উৎপল বৰাই ।

0 565

দৈনন্দিন বাৰ্তা সেৱা, ডুবিয়া :

আজি ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষ আৰু অসম চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ চতুৰ্থ বৰ্ষৰ সম্পূৰ্ণ হৈছে।সেই উদ্দেশ্যে আজি ভাৰতীয় জনতা পাৰ্টিয়ে  সমগ্ৰ দেশতে জনসম্পৰ্ক নামৰ এক অভিযান আৰম্ভ কৰে, যাৰ জৰিয়তে সমূহ জনগণৰ লগত ওচৰৰ পৰা সম্পৰ্ক স্থাপনৰ লক্ষ্য ৰখা হয়।  ইয়াৰ পৰিলক্ষিতত দেশৰ কেন্দ্রিয় চৰকাৰ আৰু অসম চৰকাৰেও জনসম্পৰ্ক অভিযানৰ আৰম্ভণি কৰে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, নেডাৰ আহবায়ক হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি ৰঞ্জিত দাসৰ নেতৃত্বত আজিৰেপৰা অসমৰ ১২৬ টা সমষ্টিত জন সম্পৰ্ক অভিযান আৰম্ভ কৰা হয়। গহপুৰতো বিধায়ক উৎপল বৰাই আজি গোপালপুৰ পঞ্চায়ৰ ১০ টা পৰিয়ালৰ গৃহত উপস্থিত হৈয় নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত ভাৰতবৰ্ষত উন্নয়ন-প্ৰগতি আৰু আত্মনিভশীল হোৱাত বিজেপি চৰকাৰে  কি কি ব্যৱস্থা তথা আঁচনি কৰিছে সেই সম্পৰ্কে জনাৱৰ বাবে বাবে দুখন পত্ৰ আৰু এখন ফুলাম গামোচা প্ৰদান কৰে ।

Leave A Reply