Breaking

গেলেকী কমলাবাৰী অৰণ্যম ক্ষেত্ৰই দৃষ্টি আকৰ্ষণ কৰিছে পৰ্যটকৰ

0 1,624

যি সময়ত ৰাজ্যত বন ধ্বংসই প্ৰকৃতিপ্ৰেমী সকলক উদ্বিগ্ন কৰি তুলিছে সেই সময়তে উজনিত গেলেকীত গঢ় লৈ উঠা এখন মানৱসৃষ্ট অৰণ্যই দৃষ্টি কাঢ়িছে সকলোৰে। শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অসম – নাগালেণ্ড সীমান্তত বশিষ্ঠ গংগা ক্ষাত দিখৌ নৈৰ কুলু কুলু সুৰৰ প্ৰৱাহমান জলধাৰা নৈসৰ্গিক শোভাৰে নগা পাহাৰৰ নামনি অংশত অৱস্থিত এক অৰণ্যম ক্ষেত্ৰ। ২০০১ বৰ্ষতে গেলেকীৰ এজন প্ৰকৃতিপ্ৰেমী নিৰন গগৈৰ প্ৰচেষ্টাত সীমান্তৱৰ্তী অঞ্চলটোত আৰম্ভ হৈছিল এক বন বিপ্লৱ। প্ৰায় ২০ হেক্টৰ মাটিত চোমনিবাৰী স্থাপনেৰে আৰম্ভ হৈছিল কমলাবাৰী অৰণ্যম ক্ষেত্ৰ স্থাপনৰ প্ৰাৰম্ভিক কাম। উদ্যমী নিৰন গগৈৰ লগ লাগিছিল স্থানীয় বহুকেইজন যুৱক। প্ৰকৃতিপ্ৰেমী যুৱককেইজনৰ এই প্ৰচেষ্টাত সহযোগিতা আগবঢ়াইছিল সেই সময়ৰ শিৱসাগৰ জিলাৰ উপায়ুক্ত ৰবি কোটা। লাহে লাহে সম্প্ৰসাৰিত হৈছিল কমলাবাৰী অৰণ্যম ক্ষেত্ৰৰ পৰিসৰ। সম্প্ৰতি প্ৰায় ৩০০০ বিঘা ভূখণ্ড সামৰি উজনি অসমৰ এক বৃহৎ মানৱসৃষ্ট অৰণ্যম ক্ষেত্ৰত পৰিণত হৈছে কমলাবাৰী।

গাৰোপবন বন সুৰক্ষা সমিতি নামৰ এক পৰিচালনা সমিতিৰ তত্বাৱধানত কমলাবাৰীত এতিয়া ১৫০ হেক্টৰ ভূখণ্ডত বাঁহগছ, ৩০ হেক্টৰ ভূখণ্ডত ঔ টেঙাৰ বাগিছা, ৫০ হেক্টৰ ভূখণ্ডত প্ৰায় ১৪০০০ জোপা পৈণত তিতাচপা, ৩ হেক্টৰ ভূখণ্ড সামৰি প্ৰায় ৮০০০ জোপা চেগুন গছ জাতিস্কাৰ হৈ উঠিছে। ইয়াৰোপৰি ৫ হেক্টৰ ভূখণ্ডত স্থাপিত হোৱা ফল মূলৰ বাগিছাই পৰ্যটকক আকৰ্ষিত কৰি আহিছে। শেহতীয়াকৈ কমলাবাৰী অৰণ্যম ক্ষেত্ৰত সংযোগ ঘটিছে ‘সাহিত্য মনিষী উপবন’ নামেৰে এক জৈৱ বৈচিত্ৰ উদ্যানৰ। প্ৰায় আঢ়ৈ হেক্টৰ ভূমিত গঢ়ি তোলা এই ঔষধি গছৰ সমাহাৰ ঘটা উদ্যানখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে। বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰ অধ্যয়নৰ সমল হিচাপে পৰিগণিত হৈ পৰা এই ঔষধি উদ্ভিদৰ উদ্যানখনত প্ৰায় সহস্ৰাধিক বিভিন্ন ঔষধি গুণ সম্পন্ন উদ্ভিদৰ সমাহাৰ দেখা পোৱা যায়। ইয়াৰোপৰি প্ৰায় বিলুপ্ত প্ৰায় উদ্ভিদসমূহ যেনে মেজাংকৰি, মাধৈমালতী, বৰ্হমথুৰি ইত্যাদি কমলাবাৰীত পৰ্যাপ্ত পৰিমাণে পোৱাৰ লগতে পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল কাঠ মেহগণি গছৰো সমাহাৰ দেখা পোৱা যায়। দিখৌ নৈৰ নৈসৰ্গিক শোভাৰ লগতে কাষতে সগৌৰৱেৰে থিয় দি থকা নগা পাহাৰৰ প্ৰাকৃতিক শোভাই সদায় কমলাবাৰী প্ৰতি আকৰ্ষিত কৰি আহিছে পৰ্যটক সকলক। সম্প্ৰতি উজনি অসমৰ অন্যতম জনপ্ৰিয় বনভোজ স্থলীত পৰিগণিত হৈছে জৈৱ বৈচিত্ৰৰে ভৰপূৰ কমলাবাৰী অৰণ্যম ক্ষেত্ৰ। নতুন বছৰত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি কমলাবাৰীৰ গুৰি ধৰোঁতা তথা বন বন্ধু নিৰন গগৈয়ে দৈনিক অগ্ৰদূতক কয় যে সম্প্ৰতি বিশ্বজুৰি আলোচ্য বিষয় হৈ পৰা গোলকীয় উঞ্চতাৰ অস্বাভাৱিক পৰিৱৰ্তনৰ অন্যতম বা প্ৰধান কাৰণ বন ধ্বংস। তেনেস্থলত বনানীকৰণৰ জড়িয়তে বিশ্বৰ ভৌগোলিক উত্তৰণৰ বেলিকা কিঞ্চিত হলেও বৰঙণি আহবঢ়োৱা  সকলোৰে সামাজিক দ্বায়িত্ব।

নতুন বছৰত সকলোৱে সংকল্প লোৱা উচিত যাতে বনানীকৰণৰ জড়িয়তে পৃথিৱী খন সেউজ কৰি ৰাখিব পাৰি। ইফালে সীমান্তৰ অতন্ত্ৰ প্ৰহৰী হিচাপেও পৰিগণিত হৈ আহিছে কমলাবাৰী অৰণ্যম ক্ষেত্ৰ। গেলেকী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬০০০ হেক্টৰ ভূখণ্ড ইতিমধ্যে চুবুৰীয়া ৰাজ্য নগাৰ দখললৈ যোৱাৰ সময়তে সংৰক্ষিত বনাঞ্চল খনৰ অৱশিষ্ট অংশত স্থাপিত কমলাবাৰী অৰণ্যম ক্ষেত্ৰই অসমৰ ভূখণ্ডক সুৰক্ষা দি আহিছে  চুবুৰীয়া ৰাজ্যখনৰ আগ্ৰাসনৰ পৰা। সত্তৰ দশকৰ পৰাই গেলেকী সংৰক্ষিত বনাঞ্চলত শেনচকু নগাৰ। ধাৰাবাহিক ভাৱে অসমৰ দিশে সীমা সম্প্ৰসাৰিত কৰি অহা আগ্ৰাসী নগাবাহিনীও যেন থমকি ৰৈছে কমলাবাৰী স্থাপনৰ পাছতে। দেশী – বিদেশী পৰ্যটকেৰ বিচৰণৰে  সদা ব্যস্ত হৈ উঠা কমলাবাৰী এতিয়া অসমৰ পৰ্যটনৰ মানচিত্ৰত এক উল্লেখযোগ্য স্থান হৈ পৰিছে।ৰাজ্যৰ পৰ্যটন উন্নয়ন নিগমৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগ আছে যদিও   জৈৱ বৈচিত্ৰৰে ভৰপূৰ অসম বিশ্বৰ পৰ্যটন মানচিত্ৰত এতিয়াও জিলিকি উঠা নাই। চৰকাৰী ভাৱেই বন ধ্বংসৰ বাতৰিয়ে বৰ্তমান সংবাদ শিৰোনামা দখল কৰাৰ সময়তে গেলেকীত বন বন্ধু নিৰন গগৈৰ সবল নেতৃত্বত চলা এই সেউজ বিপ্লৱ এক অনন্য হিচাপে পৰিগণিত হৈছে। অনাগত সময়ত চৰকাৰী কৰ্তৃপক্ষৰ সহযোগত কমলাবাৰী অৰণ্যম ক্ষেত্ৰক দেশৰ ভিতৰতে এক বৃহৎ জৈৱ বৈচিত্ৰৰ উদ্যান হিচাপে গঢ়ি তোলাৰ আশা পুহি ৰখা গাৰোপবন বন সুৰক্ষা সমিতিয়ে শেহতীয়া ভাৱে স্থাপন কৰা ঔষধি বাগিছাৰ উদ্যানখনে অনাগত সময়ত আয়ুৰ্বেদ চিকিৎসা শাস্ত্ৰৰ ঔষধ প্ৰস্তুতৰ বহু কেঁচা সামগ্ৰী উপলব্ধ কৰাৰ সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি।

Leave A Reply