Breaking

সত্তৰ বছৰ বয়সতো অক্লান্ত শিল্পী গম্ভীৰ নাথ ৷ ৰজাঘৰীয়াৰ পৰা আজিও বঞ্চিত প্ৰাপ্ত সন্মানৰ পৰা ৷

0 1,073

দ্বীপেন শইকীয়া

সুৰকাৰ,গীতিকাৰ,দক্ষ কন্ঠ শিল্পী,শংকৰী সংস্কৃতিৰ একনিষ্ঠ সাধক তথা অভিনয় জগতৰ একালৰ সংবেদনশীল অভিনেতা গম্ভীৰ নাথে জীৱনৰ সত্তৰটা বসন্ত অতিক্ৰম কৰাৰ পাছতো থমকি ৰোৱা নাই। বিভিন্ন প্ৰতিকূলতাক নেওচি তেওঁ নিজৰ শিল্প কৰ্ম অব্যাহত ৰাখিছে। নগাঁও জিলাৰ নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰি গাঁৱত ঘৰ এই গৰাকী আজন্ম শিল্পী গম্ভীৰ নাথৰ ৷ অঞ্চলটোৰ লগতে ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনত গম্ভীৰ নাথক নজনা-নুশুনা লোক হয়তো খুৱ কমেইহে আছে । প্ৰচাৰ বিমুখ এইগৰাকী শিল্পীয়ে জীৱনৰ তিনিকুৰি দহটা বসন্ত অতিক্ৰমিও নজহা-নপমাকৈ ধৰি ৰাখিব পাৰিছে নিজৰ শিল্পী সত্বাক ৷ সেই কথা তেওঁৰ সুৱদীসুৰীয়া কণ্ঠই আজিও প্ৰমাণ কৰি আহিছে ৷ অসমীয়াৰ হৃদস্পন্দন স্বৰূপ গুৰুজনাৰ সৃষ্ট বিখ্যাত “কালি দমন” অংকীয়া নাটখনিৰ পৰিচালক হিচাপে দৰ্শক ৰাইজৰ অন্তৰাত্মাত আধ্যাত্মিক ভাৱৰ সূচনাৰে নৱজাগৰণৰ সৃষ্টি কৰা এইগৰাকী শিল্পী এগৰাকী সুদক্ষ নাট পৰিচালক। তাৰোপৰি গুৰুজনাৰ “ৰাম বিজয়”, “ৰুক্মিণী হৰণ” আদি নাটকত কৰা হৃদয়স্পৰ্শী অভিনয়ৰ লগতে “কৃষক বিদ্ৰোহ”, “জেৰেঙাৰ সতী”, “ভোগজৰা”,”ৰক্ত মুকুট”,”মণিৰাম দেৱান”, “শকুনিৰ প্ৰতিশোধ”, পৰশুৰাম” আদি পাঁচ কুৰিৰো অধিক নাটকত কৰা সাৱলীল অভিনয়ৰ দ্বাৰা দৰ্শক ৰাইজৰ হৃদয়ত থিতাপি ল’বলৈ সক্ষম হৈছিল নাথ৷ আনহাতে নিজৰ সৃষ্টিমূলক গীতৰ পৰিৱৰ্তেও ড° ভূপেন হাজৰিকা, পাৰ্বতিপ্ৰসাদ বৰুৱা, বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা,ৰুদ্ৰ বৰুৱা আদি স্বনামধন্য শিল্পী সকলৰ গীতৰ সুমধুৰ পৰিৱেশনৰ জৰিয়তেও নাথে শিল্পীপ্ৰাণ মনৰ বহিঃপ্ৰকাশ ঘটাই সুন্দৰৰ আলিবাট কাটিবলৈ সক্ষম হৈছে। নগাঁও জিলাৰ চুকেকোণে শিল্পী সত্বাৰ জীৱনৰ বিৰল পৰিচয় দাঙি ধৰিও নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিশ্যনৰ উদ্যোগত বিগত ১৯৭৬ চনতেই চুবুৰীয়া ৰাজ্য অৰুণাচলৰ আলং, পাচিঘাট, তিৰাপ আদিত শংকৰী কলা সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নাথে প্ৰায় ১০ বছৰ কাল ধৰি কৰি অহা অভূতপূৰ্ব সেৱাৰ কথা আজিৰ নতুন প্ৰজন্মৰ বাবে এক অনুকৰণীয় হৈ ৰ’ব ৷তেখেতৰ এই সুদূৰপ্ৰসাৰী সাংস্কৃতিক সচেতনতাই সেই সময়ত আমাৰ সংস্কৃতিক চুবুৰীয়া প্ৰদেশখনত এক উচ্চতম পৰ্যায়লৈ লৈ গৈছিল ৷ সংস্কৃতিক এইদৰে পোহৰাই তোলা লোকজনৰ জীৱন অলেখ সমস্যাৰে ভাৰাক্ৰান্ত। ৰজাঘৰো আজি উদাসীন গম্ভীৰ নাথৰ দৰে শিল্পী সকলক লৈ ৷ নাথৰ সাংস্কৃতিক কৰ্ম দক্ষতা ইতিমধ্যে সাংস্কৃতিক মহাসভা, অসমৰ দৃষ্টিগোচৰ হোৱাত যথেষ্ট পলমকৈ হ’লেও বিগত ২০১৯ বৰ্ষৰ পাঁচ জানুৱাৰীত উজনি অসমৰ শিৱসাগৰত মহাসভাৰ নৰ্থ ইষ্ট সাংস্কৃতিক মহোৎসৱত জীৱন জোৰা সাধনা বঁটাৰে তেওঁক সন্মান যাচে ৷ আনহাতে নাথৰ সৃষ্টি কৰ্মৰ প্ৰতি সদয় হৈ নিজ গাঁও জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থান, আঞ্চলিক গোষ্ঠী, কৃষ্টি সাংস্কৃতিক গোষ্ঠী, নাট্য গোষ্ঠী, শাখা সাহিত্য সভা, আলোক সন্ধানী সমাজ আদি অনুষ্ঠান-প্ৰতিষ্ঠানেও আনুষ্ঠানিকভাৱে সন্মান-সম্বৰ্ধনা জ্ঞাপন কৰাৰ বিপৰীতে নগাঁও ভাওনা সমাৰোহৰ তৰফৰ পৰা তেখেতলৈ পৰম “বৈষ্ণৱ হিতৈষী” হিচাপেও স্বীকৃতি আগবঢ়াই ৷ আকাশ বাণী নগাঁও কেন্দ্ৰত নাথৰ গীত আৰু সাক্ষাৎকাৰ প্ৰকাশৰ উপৰিও “দধী মন্থন“, “পুতনা বধ” আদি অংকীয়া নাটতো অভিনয় কৰি সমাজৰ সমাদৰ বুটলিছে ৷ বিভিন্ন মঞ্চত পৰিৱেশন কৰা নাথৰ সুৱদীসুৰীয়া কণ্ঠৰ বাবেও শ্ৰোতা জনতাৰ হৃদয় ৰাজ্যত বিপুল মুৰ্চনা তুলি ভূয়সী প্ৰশংসা অৰ্জন কৰিবলৈ সক্ষম হয় এইগৰাকী সংগীতশিল্পী ৷ উল্লেখযোগ্য যে অৰুণাচলৰ আলঙৰ এক সাংস্কৃতিক অনুষ্ঠানত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক সৌভাগ্যক্ৰমে নাথে লগ পোৱাৰ সেই মধুৰ ক্ষণত নাথে মঞ্চত গীত পৰিৱেশনত আপ্লুত হৈ সুধাকণ্ঠই তেওঁক নিজে মঞ্চলৈ মাতি একেলগে একেখন মঞ্চতে ’কত জোৱানৰ মৃত্যু হ’ল, কাৰ জীৱন-যৌৱন গ’ল’ শীৰ্ষক হৃদয়স্পৰ্শী কালজয়ী গীতটি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ লগত যুটীয়াকৈ গোৱাৰো নাথৰ বিৰল সৌভাগ্য ঘটিছিল ৷ সেয়ে এই সকল শিল্পীক উচিত সময়ত প্ৰাপ্য সন্মান প্ৰদান কৰিবলৈ নগাঁৱৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানে চৰকাৰৰ ওচৰত আহ্বান জনাইছে ৷

লেখকৰ ফোন নং- ৮৭২৪৯১০১৪৪

Leave A Reply