Breaking

জুয়ে পোৰা সোণ হৈ উজ্বলিল মাজুলীৰ নিকিতা ।

0 888

উজনি মাজুলী : দৰিদ্ৰতা যে শিক্ষাৰ বাবে হেঙাৰ হব নোৱাৰে তাকেই পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে মাজুলীৰ নিকিতা তামুলীয়ে | মানুহ ঘৰলৈ যাবলৈ নাই কোনো বাট পথৰ ব্যৱস্থা ৷ আনৰ ঘৰৰ বাৰিৰ চুকেৰে হেঙাৰ পাৰ হৈ ফিচাৰিৰ পাৰে পাৰে গৈ পায় নিকিতাৰ বাসগৃহ ৷ প্ৰৱল ইচ্ছা শক্তি,  ধৈয্য  আৰু একাগ্ৰতাৰে আৰ্থিক দৈন্যতা, হাজাৰ বাধা বিঘিনি  অতিক্ৰম কৰি সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে ৮২ শতাংশ নম্বৰেৰে উৰ্ত্তীন হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ মাজুলী ৰতনপুৰ গাঁৱৰ  নিকিতা তামুলীৰ পিতৃ জিতেন তামুলি পেচাত এজন পাচলি ব্যৱসায়ী  ৷ দৈনন্দিন  চাইকেল চলাই আনৰ ঘৰে ঘৰে গৈ পাচলি বিক্ৰী কৰি আৰু মাজে সময়ে দিন হাজিৰা কৰি পৰিয়ালটি কানে কান মাৰি পোহপাল দি আহিছে পিতৃ জিতেন তামুলীয়ে । বান বিধস্ত শালমৰাৰ পৰা ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াত মাটি ভেটি হেৰুৱাই জিতেন তামুলী উঠি আহিছিল ৰতনপুৰলৈ ৷ কপালৰ  ঘাম মাটিত পেলাই পাচলি বেপাৰ কৰি ঘৰৰ তিনিটা প্ৰানী কোনোমতে চলি আছে ৷ ঘৰখনৰ একমাত্ৰ সন্তান নিকিতাই বোকাৰ পদুম হৈ ঘৰখনলৈ হাঁহি বিৰিঙাইছে ৷ দেউতাকৰ চকুত আনন্দৰ লোটক ৷  এতিয়া মেধাবী ছাত্ৰী গৰাকীৰ গাওঁ পঞ্চায়তৰ প্ৰতিনিধিলৈ এটাই আহ্বান ঘৰলৈ যাব পৰা এটা পথৰ ব্যৱস্থা কৰি দিয়াৰ ৷ আনৰ ঘৰৰ বাৰিৰ চুকেৰে বিদ্যালয়লৈ  অহা যোৱা কৰি সুখ্যাতি অৰ্জন কৰা নিকিতাই ঘৰলৈ যাবলৈ এটা সুচল পথৰ ব্যৱস্থা হ’ৱনে সেয়াই অঞ্চলৰ সকলোৰে মনত এতিয়া প্ৰশ্ন ৷ 

Leave A Reply