Breaking

ওদালগুৰিত গান্ধী জয়ন্তী পালন

0 2,170

ওদালগুৰি নগৰৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান গোলমাগাও উচ্চ মাধ্যমিক বিদ্যালয়তো ২অক্টোবৰত  মহাত্মা গান্ধীৰ জন্মদিনটো গান্ধী জয়ন্তী হিচাপে উদযাপন কৰা হয়। আজি ৰাতিপুৱা ঌ বজাত বিদ্যালয়ৰ প্ৰধান শিক্ষক গোপাল চন্দ্ৰ ছেত্ৰীয়ে গান্ধীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰাৰ পাছত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে ক্ৰমে জেষ্ঠ শিক্ষক কমল উপাধ্যায় আৰু সহকাৰী প্ৰধান শিক্ষক ধীৰেন্দ্ৰ নাথ বৰুৱাই। পিছত কেবাজনো শিক্ষক- শিক্ষয়িত্ৰীয়ে জাতিৰ পিতা গৰাকীৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে ।শিক্ষক-শিক্ষয়িত্ৰী সকলে গান্ধীৰ বিখ্যাত ৰামধুন ” ৰঘুপতি ৰাঘব ৰাজা ৰাম ”  সংগীতটোও সমস্বৰে  পৰিবেশন কৰে ।

Leave A Reply