Breaking

গান্ধীজীৰ আদৰ্শৰ মাৰ্গদৰ্শন আমাৰ আদৰ্শ হোৱা উচিত: জগদীশ মুখী

0 2,057

২অক্টোবৰ এক পবিত্ৰ আৰু মহত্বপূৰ্ণ দিন।বৃটিচৰ কবলৰ পৰা ভাৰতক ৰক্ষাৰ বাবে বাপুজীয়ে যি  অহিংসা নীতিৰে আন্দোলন কৰি ভাৰতক ৰক্ষা কৰিব পাৰিছিল তাৰ বাবে তেওঁলৈ মোৰ কোটী কোটী প্ৰনাম।হিংসাৰে একো জয়ী কৰিব নোৱাৰি,অহিংসাই প্ৰধান অস্ত্ৰ। ২অক্টোবৰত  ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা  গান্ধীজীৰ ১৫২ সংখ্যক গান্ধী জয়ন্তী উপলক্ষে পেৰেড গ্ৰাউণ্ডত আয়োজিত সভাত ৰাজ্যপাল প্ৰফেচৰ জগদীশ  মুখীয়ে এইদৰে কয়।ৰাজ্যপাল মুখীয়ে লগতে কয়- ক্ষুদ্ৰ ক্ষুদ্ৰ  অৱদানেৰে জয়ী সম্ভৱ হয়।গান্ধীজীৰ অহিংসা আন্দোলনক ভাৰতৰ লক্ষ লক্ষ জনতাই সমৰ্থন কৰিছিল।সকলো দিশতে ২অক্টোবৰত গান্ধীজীৰ সপোন বাস্তৱত পৰিনত হৈছে।পৰিস্কাৰ পৰিচ্ছন্নতা আৰু স্বচ্ছতাই গান্ধীজীৰ জীৱনৰ  মুখ্য লক্ষ্য আছিল।গান্ধীজীয়ে  নেতৃত্ব বহন কৰি  সামাজিক দিশৰ উন্নয়ন বিচাৰিছিল।তেওঁ কোনো ধৰণৰ  ৰাজনীতি বিচৰা নাছিল।লক্ষ্য পবিত্ৰ হলেহে সকলো দিশতে আগবাঢ়িব পাৰি আৰু গান্ধীজীৰ লক্ষ্য পবিত্ৰ আছিল বাবেই সকলো দিশতে সফল হব পাৰিছিল।

আজিৰ আন্দোলনৰ সত্যাগ্ৰহ কোনো প্ৰকৃত সত্যাগ্ৰহ  নহয়।সত্য আৰু  অসিংহাৰ মাজেৰে সত্যাগ্ৰহত প্ৰতিজ্ঞা কৰা উচিত বুলি তেওঁ লগতে উল্লেখ কৰে।পিছত ৰাজ্যপাল মুখীয়ে সাংবাদিক সকলেৰে মত বিনিময় কৰি গান্ধীজীৰ আদৰ্শ সম্পৰ্কে অৱগত কৰি মাগদৰ্শন কৰিবলৈ আহ্বান জনায়।উক্ত সভাত উপস্থিত থাকি বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু উপ মুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে কয়-  গান্ধী জয়ন্তী দিনটো  ৰাষ্ট্ৰীয় অহিংস দিৱস হিচাপেও পালন কৰি অহি হৈছে।আমি তেওঁৰ আদৰ্শ আৰু মাগ দৰ্শন জীয়াই ৰাখিব লাগিব।এসময়ৰ হিংসা জৰ্জৰ জিলালৈ শান্তি ঘুৰি আহিছে।হাতত অস্ত্ৰ লোৱা সকলো এতিয়া মূলসূতিলৈ ঘুৰি আহিছে।সেয়ে আমি এখন শান্তিকামী ৰাষ্ট্ৰৰ নাগৰিক হোৱাটো কামনা কৰো বুলি উল্লেখ কৰে।গান্ধীজীৰ ভজননেৰে আৰম্ভ কৰা এই অনুষ্ঠানত  আদৰণি ভাষন পাঠ কৰে জিলা উপায়ুক্ত ডা:পি উদয় প্ৰবীনে।আজিৰ এই সভাত বিটিআৰ’ৰ কাৰ্যবাহী দিগন্ত বৰুৱা,ড° নিলোৎ স্বৰ্গীয়াৰী,এম চি এল এ সঞ্জয় স্বৰ্গীয়াৰী,পৌৰপতি ৰাকেশ চন্দ্ৰ বড়ো,জ্যেষ্ঠ নাগৰিক সকলৰ লগতে ভালেমান বিশিষ্টলোক উপস্থিত আছিল।শেষত অসম সংগীতেৰে সভাৰ সামৰণি পৰে।শলাগৰ শৰাই আগবঢ়াই অতিৰিক্ত উপায়ুক্ত দেবেশ্বৰ বৰাই।

Leave A Reply