Breaking

কৌশল সলনি কৰিছে গাঞ্জা ব্যৱসায়ীয়ে

0 1,147

প্ৰশাসনে এখন ড্ৰাগছ মুক্ত অসম গঢ়াৰ উদ্দেশ্যে গাঞ্জা, ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে  তীব্ৰ অভিযান আৰম্ভ কৰিছে । সেই উদ্দেশ্যেই জিলা আৰু স্থায়ী প্ৰশাসনে গাঁৱে ভূঞে  ড্ৰাগছ আৰু গাঞ্জা সৰবৰাহ কাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই  বহু পৰিমাণে সফল হোবা পৰিলক্ষিত হৈছে । আৰু  এই ব্যৱসায়ীৰ সৈতে জড়িত থকা একাংশ লোকে এতিয়া  মূল সুঁতিলৈ ঘুৰি অহা বুলিও জানিব পৰা গৈছে । কিন্তু অসম অৰুনাচল সীমান্তৱৰ্তী  ওদালগুৰি জিলাৰ মাজবাট ,ওৰাং আৰু ৰৌতাৰ গাঞ্জা ব্যৱসায়ী সকলে কৌশল সলনি কৰি খুচুৰা হিচাপত গাঞ্জা  বিক্ৰী কৰি  পুনৰ ৰমৰমীয়া বেহা চলোৱাৰ তথ্য সম্প্ৰতি  পোহৰলৈ আহিছে । উল্লেখ যোগ্য যে মাজবাট, ওৰাং আৰু ৰৌতা স্থায়ী প্ৰশাসনে গাঞ্জা সৰবৰাহ কাৰীৰ বিৰুদ্ধে  তীব্ৰতৰ অভিযান আৰম্ভ কৰাত ব্যবসায়ী সকলে দিকবিদিক হেৰুৱাই পেলাইছে যদিও  প্ৰশাসনৰ চকুত ধুলি দি পাইকাৰী হিচাপত নহয  খুচুৰা হিচাপত এতিযা মাজবাট ,ওৰাং আৰু ৰৌতাত গাঞ্জা  বিক্ৰী হোবাৰ খবৰ পোৱা গৈছে । এক নিৰ্ভৰযোগ্য সুত্ৰে জানিব পৰা মতে ভিন্ন অঞ্চলত এতিয় সৰু সৰু পলিথিনত পেকেট কৰি গাঞ্জা বিক্ৰী কৰা হৈছে ।আৰু এই পলিথিনত এক চিলিম গাঞ্জা থকাৰ বিপৰিতে ইয়াৰ মূল্য ২০ পৰা ৩০ টকা বুলি জানিব পৰা গৈছে ।চতুৰ গাঞ্জা ব্যৱসায়ী সকলে  মাজবাট, ওৰাং আৰু ৰৌতা আৰক্ষী থানাৰ বিভিন্ন এলেকাত খুচুৰা গাঞ্জা বিক্ৰীৰ  চদ্মবেসী এজেণ্ট নিয়োগ কৰি  অতি কৌশল পূৰ্ণভাৱে গাঞ্জা ব্যৱসায় অব্যাহত ৰাখিছে।যদিও পূৰ্বৰ দৰে চাৰিচকীয়া বিলাসী বাহনত বাহিৰলৈ গাঞ্জা সৰবৰাহ কৰিব পৰা নাই । কিন্তু অসম অৰুনচল সীমান্তৱৰ্তী এলেকাৰ পৰা অহৰহ গাঞ্জা সৰবৰাহ হৈ থকাৰ কথা জানিব পৰা গৈছে ।কিয়নো যোৱা পষেকটোত মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু সন্দিকৈয়ে  কেইবাঠাইতো গাঞ্জা উদ্ধাৰ কৰাৰ লগতে গাঞ্জা সৰবৰাহ কাৰীক আটক কৰিবলৈ সক্ষম হোবা বিষয়টোৱে পতিযমান কৰিছে যে বৰ্তমানেও মাজবাট অঞ্চলত গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায়ী চলি আছে । গতিকে   জিলা তথা স্থানীয প্ৰশাসনে সন্দেহ যুক্ত এলেকাত অভিযান আৰম্ভ কৰি গাঞ্জা, ড্ৰাগছ, নিচাজাতীয় ব্যবসায়ীৰ সৈতে জড়িত থকা লোক সকলক আটক নকৰিলে উঠি অহা  যুব প্ৰজন্ম অৰ্থবা সমাজ খনক ড্ৰাগছ মুক্ত, গাঞ্জা মুক্ত কৰাটো সহজ নহব । সেয়েহে সময় থাকোতেই যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক টানি অনুৰোধ জনাইছে মাজবাটবাসী ৰাইজে ।

Leave A Reply