Breaking

বিধায়ক শিলাদিত্যক সকীয়নি গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

0 1,300

নাজিৰা : গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দ্বাৰা প্ৰেৰিত এক প্ৰেছ বিজ্ঞপ্তিত সংগঠনটোৰ বিষয়ববীয়াসকলে শোণিতপুৰৰ ঠেলামৰা কাণ্ডক সাঙুৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভপতি, পদ্মশ্ৰী, পদ্মভুষন বৰেণ্য সাহিত্যিক চৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী বুলি কোৱা বিদেশীমূলৰ বিধায়ক শিলাদিত্যক সকীয়নি  দি কয় যে ইতিহাসৰ জ্ঞান নথকা বাংলাদেশৰ পৰা প্ৰব্ৰজিত শীলাদিত্যই  প্ৰথমে অসম আৰু অসমীয়া সাহিত্যৰ ওপৰত অধ্যয়ন কৰক। শোণিতপুৰৰ ঠেলামৰা কাণ্ডত বহিৰাগত-বিদেশীমূলৰ দুই ফৈদৰ মাজত হোৱা সংঘাতক সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা গৰিহনা  আৰু ধিক্কাৰ  দি কয় যে মহামান্য উচ্চতম ন্যায়লয়ৰ ৰায়ক সন্মান প্ৰদৰ্শন কৰা সকলো ভাৰতীয় নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য। কিন্তু উচ্চতম ন্যায়ালয়ৰ ৰায়ক ভেঙুচালি কৰি এটা পক্ষই  ৰাষ্ট্ৰদ্ৰোহী মন্তব্য কৰাৰ উপৰিও চৰকাৰী অনুমতি অবিহনে কৰ’ণা মহামাৰীৰ গণ সংক্ৰমণৰ দিনত সামজিক দূৰত্ব মানি চলাৰ আদেশক ভেঙুচালি কৰি সাম্প্ৰদায়িক সংঘৰ্ষত লিপ্ত হোৱা বহিৰাগত দুই ফৈদৰ অপৰাধী সকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক সংগঠনটোৱে  দাবী জনায়। দুৰ্ভাগ্যজনক ভাবে এই যে বহিৰাগত দুই ফৈদৰ হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ আলমলৈ বিদেশীমূলৰ বিধায়ক শিলাদিত্য দেৱে অসম সাহিত্য সভাৰ প্ৰাক্তন সভপতি, পদ্মশ্ৰী, পদ্মভুষন, সাহিত্যচাৰ্য, বৰেণ্য সাহিত্যিক চৈয়দ আব্দুল মলিক মহাশয়ক বৌদ্ধিক জেহাদী বুলি খিলঞ্জীয়া অসমীয়া সমাজখনক, অসম সাহিত্য সভাক অপমান কৰা কাৰ্যক সংগঠনটোৱে  তীব্ৰ নিন্দা কৰে। অসমৰ খিলঞ্জীয়া ইছলাম ধৰ্মীসকলৰ অন্যতম পুৰোধা ব্যক্তি, কবি, সাহিত্যিক গৰাকীৰ বিষয়ে বাংলাদেশৰ পৰা প্ৰবজন কৰা  শিলাদিত্যৰ দৰে এজন  সন্দেহজনক মানুহে এনেধৰণে মন্তব্য কৰাৰ অধিকাৰ তেওঁক কোনে দিলে? তেওঁৰ এনে ধৰণৰ কথা বতৰাৰ দ্বাৰা ঠেলামৰা কাণ্ডৰ দৰে ঘটনাত শিলাদিত্যৰ দৰে সাম্প্ৰদায়িক মনোভাৱৰ কুখ্যাত নেতাক ঘটনাৰ আঁৰৰ মূল ব্যক্তি হিচাবে আমি ভাৱিবলৈ বাধ্য হৈছো বুলি  কৈ  অসম চৰকাৰক  এই বিতৰ্কিত সাম্প্ৰদায়িক মানুহজনক লেকাম লগাবলৈ দাবী জনায়, অন্যথা তেওঁ এনে ধৰণৰ কথা বতৰাৰ প্ৰমাণ হয় যে ঠেলামৰা কাণ্ড এক পৰিকল্পিত ঘটনা আৰু শিলাদিত্য দেৱৰ দৰে সাম্প্ৰদায়িক মনোভাৱৰ ৰাজনৈতিক নেতা এই ঘটনাৰ আঁৰৰ মুল ব্যক্তি বুলি ৰাইজে ভাৱিবলৈ বাধ্য হব। এই বিতৰ্কিত সাম্প্ৰদায়িক ব্যক্তিজনক এতিয়াই লেকাম নলগালে নিৰ্বাচনৰ বৈতৰণী পাৰ হ’বলৈ অসমত সাম্প্ৰদায়িক কথাৰে উত্তৰ ভাৰতৰ দৰে এক কুলষিত আৰু বিশৃংখল পৰিৱেশ সৃষ্টি কৰি ভাতৃঘাতী সংঘৰ্ষৰে অসম ৰক্তাক্ত কৰাৰ আশঙ্কা আছে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ দলৰেই বিদেশীমূলৰ বিধায়ক এজনকেই যদি লেকাম লগাব নোৱাৰে তেনেহ’লে খিলঞ্জীয়াৰ জাতি, মাটি আৰু ভেটি কেনেকৈ ৰক্ষা কৰিব এয়া এক ডাঙৰ প্ৰশ্ন  বুলি কয় সংগঠনটোৱে।

Leave A Reply