Breaking

‘গৰীয়সী’ আলোচনীৰ ‘সামাজিক স্বীকৃতি’ৰ পদক্ষেপ…

0 289

‘গৰীয়সী’ আলোচনীৰ ‘সামাজিক স্বীকৃতি’ৰ পদক্ষেপ। অসমৰ সকলো জিলাতে তথা দেশ-বিদেশৰ বিভিন্ন অঞ্চলত থকা অসমৰ বহুতো লোকৰ অসমৰ সমাজ, সংস্কৃতি, শিক্ষা তথা সাহিত্যকে আদি কৰি বিভিন্ন ক্ষেত্রলৈ অৰিহণা আছে । কিন্তু সেই বহুত ব্যক্তিৰ বিষয়ে আমি নাজানো বা কিছুমানৰ বিষয়ে মৃত্যু হোৱা পিছতহে জানিবলে পাও । বিভিন্ন ক্ষেত্রত অৰিহণা যোগাৱা ব্যক্তিসকলক জীৱিত কালত উপযুক্ত সন্মান তথা মর্য্যদা দিলে ভাল হয় । এই ব্যক্তিসকল যিকোনো বয়সৰ হব পাৰে । সমাজ জীৱনৰ বিভিন্ন ক্ষেত্রলৈ অৰিহণা আগবঢ়াই থকা সকলে কৰি থকা কামবোৰৰ বিষয়ে যদি জীৱিত কালতে প্রশংসা কৰা হয় তেন্তে তেতিয়া তেওঁলোকে কৰি থকা কামবোৰ কৰিবলৈ আৰু দুগুণ উৎসাহ পাব । এটা ভাল খবৰ যে ‘গৰীয়সী’ আলোচনী ডিচেম্বৰ,২০২২ সংখ্যাটো ড° বীৰেন্দ্রনাথ দত্ত চাৰৰ নামত উছৰ্গা কৰিছে । ‘সম্পাদকীয়(সামাজিক স্বীকৃতি)’ত উল্লেখ কৰিছে – “…সমাজ জীৱনলৈ অৰিহণা যোগোৱা মানুহবোৰক প্রশংসা-সন্মানেৰে ওপচাই দিবলৈ তেওঁলোকৰ মৃত্যুৰ বাবে অপেক্ষা কৰি থকা সমাজ এখন উত্তৰ প্রজন্মক সামাজিক অৰিহণাৰ বাবে অনুপ্রাণিত কৰিবলৈ সক্ষমনে ? কিয় আমি এজন মানুহক সমাজৰ পৰা পাবলগীয়া সন্মান, স্বীকৃতি আৰু সমৰ্থন জীয়াই থাকোঁতে দিব নোৱাৰোঁ? কোনোবাই এই আশা কৰক বা নকৰক – দিয়াটো আমাৰ দ্বায়িত্ব । এই দায়িত্ববোধ যদি নাই,- সমাজৰ কল্যাণৰ বাবেই এই দায়িত্ববোধ নিৰ্মাণ কৰিব লাগিব । কাৰণ যুগে যুগে তেওঁলোকৰ দৰে মানুহেই সমাজক দি আহিছে উচ্চতা, গভীৰতা, বৰ্ণময়, সৌন্দৰ্য, ঊৰ্ধ্বমুখী গতিশক্তি আৰু পথৰ সন্ধান ।” সম্পাদকীয়টোৰ কথাখিনি লগত আমিও একমত । আশা কৰিছো ভৱিষ্যতে গৰীয়সী আলোচনীখনে যোগ্যসকলক এইদৰে জীয়াই থাকোঁতেই স্বীকৃতি দিয়া ধাৰা অব্যাহত ৰাখিব আৰু আন আলোচনীবোৰেও যোগ্যসকলক জীয়াই থাকোঁতেই স্বীকৃতি দিয়াৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্রহণ কৰিব । লগতে এটা কথা উল্লেখ কৰিব বিচাৰিছো গৰীয়সীৰ ডিচেম্বৰ সংখ্যাতে ‘ইতিবাচক’ শিতানত নৰ্থ লখিমপুৰ কলেজে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে আলোকপাত কৰা লেখাকেইটা অসমৰ সকলো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলে পঢ়া উচিত বুলি আমি ভাবো ।

ড° বুলজিৎ বুঢ়াগোহাঁই,

আজাৰা , গুৱাহাটী -৭৮১০১৭

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

Leave A Reply