Breaking

বালাৰচৰত এটুপি খোৱা পানীৰ বাবে হাঁহাকাৰ।

0 32

এটুপি খোৱা পানীৰ বাবে হাঁহাকাৰ কৰিছে এখন গাঁৱৰ ৰাইজে ।অবিশ্বাস্য যেন লাগিলেও এইয়া সঁচা। বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত মাত্ৰাঘোলা গাৱত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা। যাৰ বাবে প্ৰতিদিনে খোৱা পানীৰ বাবে হাঁহাকাৰ কৰিছে গাঁও খনৰ শতাধিক পৰিয়াল।যি সময়ত বঙাইগাঁও জিলা প্ৰশাসনে জল -জীৱন মিছন নামৰ অভিলাষী আঁচনিৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ প্ৰয়াস কৰি আহিছে তেনে সময়তে জিলাখনৰ অন্তৰ্গত এই গাঁওখনৰ প্ৰতিটো পৰিয়ালে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাঁহাকাৰ কৰিছে।

গাঁওখনৰ মাজত অৱস্থিত এখন মছজিদৰ এটা দমকলেই শেষ ভৰষা হৈ পৰিছে গাঁওবাসীৰ বাবে। গাঁওখনৰ দুই এজনৰ ঘৰত দমকল আছে যদিও সেই দমকলৰ পানী আইৰন আৰু আৰ্ছেনিকযুক্ত হোৱাৰ বাবে খোৱাৰ উপযোগী নহয়। সেয়ে প্ৰতিদিনে পুৱা গধূলি এইদৰেই কোলাত কলহী লৈ খোৱাপানীৰ বাবে শাৰী পাতে গাঁৱৰ মহিলাসকলে।গাঁওখনত খোৱা পানীৰ সু-ব্যৱস্থা কৰি দিয়াৰ বাবে স্থানীয় ৰাইজে জিলা প্ৰশাসনৰ লগতে চৰকাৰক দাবী জনায়।

Leave A Reply