Breaking

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ উদ্যোগত দুদিনীয়া বতৰ পৰ্যালোচনা বিষয়ক বাৰ্ষিক অধিৱেশন গুৱাহাটী বিশ্ববিদ্যালয়ত

0 22

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত মংগলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বতৰ পৰ্যালোচনা বিষয়ক বাৰ্ষিক অধিবেশন । মূলত এই অধিৱেশনত বাৰ্ষিক ঘূৰ্ণী বতাহ আৰু মৌচুমী বায়ুৰ শেহতীয়া স্থিতি আৰু ইয়াৰ পূৰ্বানুমান কৰা সন্দৰ্ভত পৰ্যালোচনা কৰা হৈছে। বন্তি প্ৰজ্বলনৰে অধিবেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈ আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ উপ সঞ্চালক প্ৰধান ডঃ এম মহাপাত্ৰই।

এই উপলক্ষে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মূৰব্বী কে এন মোহনৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈয়ে ভাষণ প্ৰসংগত এনে ধৰণৰ অধিবেশনৰ জৰিয়তে লাভ কৰা অভিজ্ঞতা, পাৰস্পৰিক আদান – প্ৰদান আদিৰ দ্বাৰা আগন্তুক দিনত বতৰৰ পূৰ্বানুমান কৰাৰ ক্ষেত্ৰত বহুখিনী সহায়ক হব বুলি আশা ব্যক্ত কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ উপ সঞ্চালক প্ৰধান ডঃ এম মহাপাত্ৰই এনে ধৰণৰ অধিবেশনৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে অাৰু অহা দুই বছৰৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন ৰাজ্যত বতৰৰ পূৰ্বানুমান কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ১০ টা উচ্চ প্ৰযুক্তি সম্পন্ন ডপলাৰ ৰাডাৰ স্থাপন কৰা হব বুলি সদৰি কৰে। অনুষ্ঠানত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ এন ডব্লিউ এফ চিৰ মূৰব্বী ডঃ আৰ কে জেনামণিয়ে অধিবেশনত ভাগ লোৱা দেশৰ বিভিন্ন প্ৰান্তৰ বতৰ বিজ্ঞানী সকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তৃতা প্ৰদান কৰে। আনহাতে ৰাষ্ট্ৰীয় সংগীতৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আৰম্ভণিতে সৰস্বতী বন্দনা পৰিৱেশন কৰে ডলী হালৈ, ৰীতা গয়াৰী , সন্দীপা ভট্টাচাৰ্য অনামিকা শৰ্মা আৰু চিন্ময়ী গগৈয়ে ।

শলাগৰ শৰাই আগবঢ়াই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডঃ সঞ্জয় অ নেইল শ্বোয়ে। আনহাতে অধিবেশনৰ লগত সংগতি ৰাখি সন্ধিয়া পৰ্যন্ত কেবাখনো কাৰিকৰী আলোচনা সত্ৰ অনুষ্ঠিত হয়। ১৩ মাৰ্চৰ দিনা সন্ধিয়া এই অধিৱেশনৰ কাৰ্যসূচীৰ সামৰণি পৰিব। আনহাতে অধিৱেশনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৮০ জন বতৰ বিজ্ঞানী, গৱেষকে ভাগ লৈছে।

Leave A Reply