Breaking

খেল’ মাষ্টাৰ ইণ্ডিয়া নেচনেল চেম্পিয়নশ্বিপত দুটাকৈ মেডেল লাভেৰে মাৰ্ঘেৰিটালৈ গৌৰৱ ৰুণো গগৈ বড়ো আৰু বিন্দু বাওৰি গোৱালা

0 1,045

চাৰিদিনীয়াকৈ দিল্লীত অনুষ্ঠিত হোৱা খেল’ মাষ্টাৰ ইণ্ডিয়া নেচনেল চেম্পিয়ন শ্বিপত মাৰ্ঘেৰিটাৰ দুগৰাকীকৈ মহিলাই মুঠ আঠটাকৈ সোণ আৰু চিলভাৰ মেডেল অৰ্জন কৰি মাৰ্ঘেৰিটালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, মাৰ্ঘেৰিটা মাকুমকিল্লাৰ নিবাসী দীপক বড়োৰ পত্নী ৰুণো গগৈ বড়োৱে দুটাকৈ সোণ আৰু এটাকৈ ৰূপৰ মেডেল লাভ কৰাৰ বিপৰীতে মাকুমকিল্লা মতাবিলৰ নিবাসী বিনোদ গোৱালাৰ পত্নী তথা বৰ্ত্ত্মান অসম আৰক্ষীত কৰ্মৰত বিন্দু বাউৰী গোৱালাই সোণৰ এটা চিলভাৰ ২ টা আৰু ব্ৰঞ্জৰ দুটা মুঠ পাঁচটাকৈ পদক আজুৰি আনিবলৈ সক্ষম হৈছে। অতিকৈ দৰিদ্ৰ পৰিয়ালৰ এতিকৈ সন্তানৰ মাতৃ গাৰকীয়ে যথেস্ত কস্তৰ ফলত এই পৰ্যায় পাবলৈ সক্ষম হৈছে।

আৰ্থিক ভাৱে দূৰ্বল মহালাগৰাকিয়ে মহকুমাটোত যথেষ্ট সম্ভাৱনা পূৰ্ণ খেলুৱৈ আছে যদিও স্তেডিমা আৰু প্ৰশিক্ষণৰ অভাৱৰ বাবে আজিও অঞ্চলটো পিছ পৰি থকা বুলি ব্যক্ত কৰিছে খেলুৱৈ ৰেণু গগৈ বড়োৱে।

Leave A Reply