মাজুলী মিলন সংঘত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত গায়ন-বায়ন প্ৰশিক্ষণ কৰ্মশালা

মাজুলী মিলন সংঘ, কমলাবাৰীত আজিৰে পৰা ২১ জুলাইলৈ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনৰ মাজুলী সাংস্কৃতিক কেন্দ্ৰৰ সৌজন্যত গুৰুজনাৰ সৃষ্ট গায়ন-বায়ন প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ হৈছে ৷ প্ৰশিক্ষণ দান কৰিছে মাজুলী সাংস্কৃতিক কেন্দ্ৰৰ সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক গোলাপ বৰুৱা বৰবায়নে।


এই উদ্দেশ্যে আয়োজিত এখন সভাত সভাপতিত্ব কৰে মাজুলী মিলন সংঘৰ সভাপতি আনন্দ হাজৰিকাই। সভাৰ আৰম্ভণিতে প্ৰশিক্ষক গোলাপ বৰুৱা বৰবায়নক মিলন সংঘৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । আনহাতে সভাত মিলন সংঘৰ বৰ্ষজোৰা কাৰ্যসূচীৰ ওপৰত আলোকপাত কৰি গুৰুজনাৰ অনুপম সৃষ্টি সমূহৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰাৰ এনে ধৰণৰ পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত আনন্দ হাজৰিকা, কৃষ্ণ কমল শইকীয়া, গোলাপ বৰুৱা বৰবায়নকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে বক্তব্য ৰাখে ।

সম্পাদক অমৰ বৰুৱাই আঁতধৰা অনুষ্ঠানটিত প্ৰশিক্ষণৰ নিয়মাৱলী প্ৰশিক্ষাৰ্থীক অৱগত কৰে মিলন সংঘৰ জেষ্ঠ শিল্পী প্ৰবীণ শইকীয়াই। সভাই প্ৰশিক্ষণটো প্ৰৰ্যবেক্ষণ কৰিবলৈ মিলন সংঘৰ বৰবায়ন দ্বীজেন দত্ত, সাংস্কৃতিক সম্পাদক ভৰত শইকীয়া প্ৰমূখ্যে বিষয়ববীয়া সকলক দায়িত্ব দিয়ে। সভাত উপ সভাপতি লোহিত বৰা, জেষ্ঠ সদস্য ডিম্বেশ্বৰ শইকীয়া, ৰাম বৰুৱা, প্ৰফুল্ল বৰুৱা, প্ৰবীণ ভুঞা, প্ৰভাত ভূঞা, বিনোদ গাম, শিল্পী ৰঞ্জিৎ কুমাৰ ভূঞা, প্ৰশান্ত ভূঞা, মহেন্দ্ৰ বৰা আদি বহু কেইগৰাকী উপস্থিত থাকে। প্ৰশিক্ষণৰ আৰম্ভণিতে পৰম্পৰাগত সত্ৰীয়া নিয়মানুসাৰে এখনি থগি আগবঢ়াই আশীষ প্ৰদান কৰা হয়।

প্ৰশিক্ষণত প্ৰায় অৰ্ধশতাধিক শিশুৱে ভাগ লয়। বিয়লি ২ বজাৰ পৰা এপষেক এই প্ৰশিক্ষণ চলিব আৰু প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থী সকলক অসম সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা মানপত্ৰ প্ৰদান কৰিব।

Related Articles