Breaking

গেলেকী, অসম-নাগালেণ্ড সীমান্তৰ বনাঞ্চলত নগাৰ তাণ্ডৱ : দণ্ডাধীশৰ সৈতে আৰক্ষীৰ আলোচনা, উত্তেজনা

0 54

গেলেকী, ১২নৱেম্বৰঃ সমগ্ৰ দেশ তথা ৰাজ্যৰ চৌদিশে বহিঃৰাজ্যৰ দুস্কৃতিকাৰীয়ে হিংসা, হত্যা আৰু সন্ত্ৰাস বিয়পায় অসমৰ ভূমিত অনাসাৰে প্ৰৱেশ কৰাৰ লগতে ভূমি বে-দখল কৰি ত্ৰাস অব্যাহত ৰাখিছে । সামান্তৰাল ভাৱে নাজিৰা মহকুমা অন্তৰ্গত গেলেকী অসম-নাগালেণ্ড সীমান্তৰ সংৰক্ষিত বনাঞ্চলত আগ্ৰহী নগা বাহিনীৰ তাণ্ডৱ । গেলেকী খণ্ড বন বিভাগ আৰু আঠখেল খণ্ড বন বিভাগৰ অধীনস্ত গেলেকী সংৰক্ষিত বনাঞ্চলত নগাৰ সন্ত্ৰাসৰ বিপৰীতে ক্ৰমাৎ বে-দখল হ’ব ধৰিছে বনাঞ্চল । ব্যৰ্থ বন বিভাগ, ব্যৰ্থ সীমান্তৰ সুৰক্ষাৰ দায়িত্বত থকা মুগাপাৰা, শিঙিবিল, সোণাপুৰ আৰু দেওপানী বেটেলিয়ান চাউনীসমূহ । সম্প্ৰতি বন বিভাগ আৰু আৰক্ষীয়ে গেলেকী সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষা প্ৰদানত চূড়ান্ত ভাৱে ব্যৰ্থ হোৱা প্ৰতিফলিত হৈছে । নগাৰ তাণ্ডৱ নতুবা আতংকক দীৰ্ঘদিনে প্ৰতিহত কৰাত ব্যৰ্থ হৈ আহিছে গেলেকী আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া গৰাকী । যাৰ বাবে সীমান্তত তীব্ৰ উত্তেজনায় বিৰাজ কৰিছে । বিগত দুটা দিনকে ধৰি গেলেকী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অবৈধ বে-দখল কৰি নগা দুস্কৃতিকাৰীয়ে মূল্যৱান গছ কাটি তহিলং কৰে । কাঞ্চিং নতুন বস্তি আৰু এনাকি বস্তিৰ পৰা অহা নগা দুস্কৃতিকাৰীয়ে এইদৰে হিংসাত্মক কাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে সীমান্তৱৰ্তী গঁঞা ৰাইজে । ঘটনা সন্দৰ্ভত খবৰ লাভ কৰি ১১ নৱেম্বৰৰ দিনা নাজিৰা মহকুমা মহকুমাধীপতি ও অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, নাজিৰা মহকুমা সীমান্তৰ দণ্ডাধীশ ৰাজীৱ সোণোৱাল, নাজিৰা মহকুমা আৰক্ষী বিষয়া প্ৰদীপ কোঁৱৰ, গেলেকী খণ্ড বন বিভাগ আৰু আঠখেল খণ্ড বন বিভাগৰ লোক সহ গেলেকী আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া দ্বিপেন্দ্ৰ ছেত্ৰী নেতৃত্বৰ এটা আৰক্ষীৰ দল কাঞ্চিং ৰোডত উপস্থিত হয়গৈ । যদিও আৰক্ষী পাছে-পাছে দুস্কৃতিকাৰী আগে-আগে পলায়ন কৰে । নাজিৰা মহকুমা মহকুমাধীপতি ও অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, নাজিৰা মহকুমা সীমান্তৰ দণ্ডাধীশ ৰাজীৱ সোণোৱালে সীমান্তৰ অসমৰ এলেকাসমূহ পৰিদৰ্শন কৰি আৰক্ষীৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ অন্তত তেখেতে লোকে বিঅ’পি সমূহো পৰিদৰ্শন কৰে । আনহাতে দুস্কৃতিকাৰীয়ে ধ্বংস কৰা গছৰ মূল্যৱান কাঠৰ কুণ্ডা সমূহ স্থানান্তৰ কৰাৰ বাবে বন বিভাগ এতিয়া তৎপৰ হৈ পৰিছে । প্ৰায় ১৩ জোপা গছৰ কুণ্ডা সমূহ এতিয়া গেলেকী খণ্ড বন বিভাগৰ কাৰ্যালয়লৈ অনাৰ ব্যৱস্থা কৰা হৈছে ।

Leave A Reply