Breaking

ঘৰমুৱা হ’ল চৰাইচোঙৰ বিদেশী আলহী

0 2,212

সাত সাগৰ তেৰ নদী পাৰ হৈ সুদৰ আফ্ৰিকা, চাইবেৰিয়া আদিৰ পৰা মাজুলীৰ অভয়পুৰীয়াত অৱস্থিত চৰাইচোঙলৈ অহা আলহী পক্ষীবোৰ এতিয়া লাহে লাহে ঘৰমুৱা হৈছে। ক্ৰমাৎ কমিছে পুৱাই শুনিবলৈ পোৱা কলকলনি বোৰ। নিৰ্জান হৈ পৰিছে চৰাইচোং। নিজ নিজ ঘৰলৈ উভতিছে পক্ষী সমূহ। আহোম ৰজা প্ৰমত্ত সিংহই নিৰ্মাণ কৰা অসমৰ প্ৰথমখন ৰাজকীয় পক্ষী উদ্যান চৰাইচোঙে আজিও বহন কৰি আহিছে নিজৰ স্বকীয়তা আৰু জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ শ বছৰীয়া ইতিহাস। মাজুলীৰ শ্ৰীৰাম গাওঁ পঞ্চায়তৰ অন্তৰ্গত অভয়পুৰীয়া ৰাজহ গাঁৱত অৱস্থিত এই পক্ষী উদ্যানখনে সমগ্ৰ মাজুলীৰ লগতে দেশ বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ উঠিছে। দেশী বিদেশী এই আলহী পক্ষীবোৰ আহে শালি খেতি চপোৱাৰ মাজভাগত। পুৱাই দৃষ্টি নন্দনভাৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি ৰাখে এই আলহী পক্ষীবোৰে। সন্ধিয়া উৰি যোৱা পৰত প্ৰতিধ্বনিত হয় এক আকৰ্ষণীয় কলকলনি আৰু নৈসৰ্গিক দৃশ্য। ইয়াৰ মাজতে সততে প্ৰশ্ন উত্থাপন হয় চৰাইচোঙৰ নিৰাপত্তা আৰু সংৰক্ষণৰ বিষয়টোৰ ওপৰত। সাধাৰণতে দোষাৰোপ কৰা হয় চৰাইচোঙৰ ওচৰ পাজৰৰ ৰাইজক। কিন্তু এই প্ৰতিবেদকে স্বজমিন ভাৱে কৰা এক অভিযানত এই কথা স্পষ্ট হৈ পৰিছে যে অঞ্চলবাসীৰ ওচৰত সদায় সুৰক্ষিত হৈ আহিছে চৰাইচোং। আনহাতে চৰাইচোঙৰ স্থানীয় ৰাইজৰ মতে কিছু সংখ্যক লোকে  চৰাইচোঙৰ সুৰক্ষাৰ দিশটোত কেৱল স্থানীয় ৰাইজকে দোষাৰোপ কৰি আহিছে। যাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰি স্থানীয় ৰাইজে কয় যে ৰাইজে ৰাইজৰ ফালৰ পৰা যিমানখিনি কৰিব পাৰে সেইয়া কৰিছে। স্থানীয় অভয়পুৰীয়া গাঁৱৰ যুৱ সমাজেও নিশা চৰাই সমূহৰ সম্ভাৱ্য বিপদ হোৱাৰ আশংকাত চৰাইছোঙৰ ওপৰত চকু ৰাখে। আনহে নালাগে ৰাতি যদি চৰাইচোঙৰ মাজত টৰ্চৰ পোহৰ দেখিলেও যুৱক সকলে একলগ হৈ দৃষ্টি ৰাখে পক্ষীসমূহৰ ওপৰত। প্ৰয়োজন সাপেক্ষে নিজাববীয়াকৈ যুৱকসকলে ৰাতিও পথাৰৰ মাজলৈ গৈ সন্ধান কৰে । কিন্তু ইয়াৰ পাছতো কেৱল স্থানীয় ৰাইজকে দোষাৰোপ কৰা কাৰ্যত দুখ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ইয়াৰ বিপৰীতে চৰকাৰৰ কৰণীয় খিনিক সোঁৱৰাই দিবলৈ চেষ্টা কৰা নাই সেই সকল লোকে । স্থানীয় ৰাইজৰ মতে চৰাইচোঙৰ সংৰক্ষণৰ প্ৰয়োজন আছে কিন্তু সেই সংৰক্ষণ কেৱল ৰাইজৰ দ্বাৰা কৰাটো সম্ভৱ নহয়, তাৰ বাবে প্ৰয়োজন বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰৰ সু পৰিকল্পিত আঁচনিৰ। চৰাইচোঙলৈ পক্ষী সমূহ আহে শালি খেতি চপোৱাৰ মাজভাগত অথবা শেষৰ সময়ত আৰু ইয়াৰ পৰা উভতি যায় পুনৰ খেতি আৰম্ভ কৰাৰ পূৰ্বেই। গতিকে স্থানীয় ৰাইজৰ খেতি বাতিত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় চৰাইবোৰে। সেয়ে অঞ্চলৰ ৰাইজক বেদখলকাৰী আখ্যা দিয়া কাৰ্যই এতিয়া একাংশ স্থানীয় ৰাইজক অসন্তুষ্ট কৰিছে। তাৰ মাজতে যদিও বিগত বৰ্ষত চৰাইচোঙত ফিচাৰী খন্দাৰ অভিযোগ আহিছে, সেই অভিযোগ পোন চাতেই নাকচ কৰিবও নোৱাৰি। দুই এটা ফিচাৰীৰ বাদে প্ৰায় কেইটা ফিচাৰী চৰাইচোঙৰ পৰা বহু দূৰৈত অৱস্থিত | সেই সমূহ স্থানত সাধাৰণতে চৰাই সমূহ নচৰে |

Leave A Reply