Breaking

বঙাইগাঁৱৰ নাম্বাৰপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত ভূতৰ আতংক! অচেতন ১৫ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী

0 1,123

কেইবাদিন ধৰি বহু ছাত্ৰ ছাত্ৰী অচেনত হৈ পৰাৰ লগতে অদ্ভুত আচৰন কৰি আন ছাত্ৰ ছাত্ৰীক কামুৰিবলৈ যোৱাত ছাত্ৰ ছাত্ৰী আতংকিত হৈ পৰিছে। আজি অচেন হৈ পৰা ৯ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত ফৰিদা খাতুন, শ্বাহনাজ পাৰবিন, মাজনী খাতুন, আলিয়া খাতুন, মাজম আলীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। কালৈ গুণৎসৱ তাৰে মাজতে ছাত্ৰ ছাত্ৰীৰ অদ্ভুত আচৰণে চিন্তিত কৰি তুলিছে শিক্ষকসকলক। বিদ্যালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে বিধায়ক আব্দুল বাতিন খন্দকাৰে।

আনকি ভুতৰ আতংক দুৰ কৰিবলৈ বিধায়কজনে ছাত্ৰ ছাত্ৰীৰ লগত একেলগে ৰাষ্ট্ৰীয় সংগীত গায়। ছাত্ৰ ছাত্ৰীক কেৱল আইৰণ টেভলেট খাৱলৈ দি দায়িত্ব সামৰিলে স্বাস্থ্য বিভাগে। আনকি বিদ্যালয়ত কবিৰাজ আহি চিকিৎসা কৰাৰ কথা কয় স্হানীয় লোক তথা ছাত্ৰীয়ে ।

Leave A Reply