Breaking

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

0 128

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষে ( IQAC) প্ৰতিষ্ঠান উদ্ভাৱন পৰিষদ ( IIC) আৰু ডিভিট ফাউণ্ডেশ্যনৰ সহযোগত ৫ জুন ২০২৩ তাৰিখে এক বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰে।

এই উপলক্ষ্যে সৰ্ব প্ৰথমে বিশ্ববিদ্যালয়ৰ চৌহদত বৃক্ষ ৰোপণ কাৰ্য্য সূচী হাতত লয় । কাৰ্য্য সূচীত অংশ গ্ৰহণ কৰে বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক ড: অলক কুমাৰ বুঢ়াগোহাঁই, উপাচাৰ্য অধ্যাপক ড : কন্দৰ্প দাস, শৈক্ষিক বিভাগৰ ডীন অধ্যাপিকা ড: চন্দনা গোস্বামী, জি আই এম টি আৰু জি আই পি এছ ৰ অধ্যক্ষ ক্ৰমে অধ্যাপক ড: ৰবাৰ্ট ৰবি আৰু অধ্যাপক ড: পি মালয় ৰাজন, আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সঞ্চালক অধ্যাপক ড: মুক্তা ৰঞ্জন সিনহাৰ লগতে বিভিন্ন বিভাগৰ অধ্যাপক, অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰী সকলে।

বিশ্ব পৰিৱেশ দিৱসৰ এইবাৰৰ থীম বা বিষয় বস্তু “প্লাষ্টিক প্ৰদূষণ আৰু সমাধান” ৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে দীপৰ বিলক প্ৰদূষণ মুক্ত কৰাৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা বঢ়োৱাৰ উদ্দেশ্যে দীপৰ বিলৰ সমীপত ধাৰাপুৰ বজাৰত এখনি বাটৰ নাট প্ৰদৰ্শন কৰে।

ইয়াৰ উপৰিও ক্ৰমান্বয়ে প্ৰদূষিত হৈ অহা দীপৰ বিলৰ পাৰ যাতে জাৱৰ জোথৰ পেলাই প্ৰদূষিত নকৰে তাৰ বাবে জন সাধাৰণৰ মাজত সচেতনতা অনাৰ বাবে দীপৰ বিলৰ পাৰত কেইবাখনো স্থায়ী ফলক লগাই দিয়ে।

পৰিৱেশ প্ৰদূষণ মুক্ত কৰাৰ বাবে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে লোৱা এই পদক্ষেপক স্থানীয় ৰাইজে শলাগ লয়।

Leave A Reply