Breaking

টকা দিয়ক, চৰকাৰী আঁচনিৰ সুবিধা লওক, কৰিমগঞ্জ ।

0 993

কৰিমগঞ্জ : টকা দিওক আৰু চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰক,  হয় আপুনি ঠিকেই শুনিছে। আমাৰ হাতত আহি পৰিছে শাসক দল বিজেপিৰ এক নিৰ্বাচিত প্ৰতিনিধিৰ গোপন কেমেৰাত বন্দী এটা ভিডিঅ। যি ভিডিঅত দেখা গৈছে শাক-পাচলিৰ দোকানৰ দৰে বিক্ৰী হৈছে চৰকাৰী বিভিন্ন আঁচনি। ঘটনাৰ স্থান কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ  অসম ত্ৰিপুৰা মিজোৰাম সীমামূৰীয়াৰ বালিপিপলা জিপিৰ। চৰকাৰে দুখীয়া ৰাইজৰ বাবে বিভিন্ন চৰকাৰী আঁচনি হাতত লৈছে বিপৰীতে একাংশ দুৰ্নীতি পৰায়ন জনপ্ৰতিনিধিৰ বাবে এয়া হৈ উঠিছে সোণৰ কণী পৰা হাঁহ। অনাময় আঁচনি যদি আপোনাৰ লাগে দিব লাগিব ২০০ পৰা ৩০০ টকা। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি প্ৰকল্পৰ বাবে দিব লাগে ৩০০ টকা। আপোনাৰ যি আঁচনি লাগে প্ৰথমতে টকা জমা কৰিব পিচে লাভ কৰিব সুবিধা। আজিৰ দিনত বিশুদ্ধ খোৱাপানী যেন তেওঁলোকৰ বাবে স্বপোন। বহু পৰিয়ালে আজিৰ দিনটো পোৱা নাই বিদ্যুতৰ পোহৰ। বাট-পথৰ অৱস্থাও বেয়া। পথাৰৰ নিশান পথৰ অৱস্থা। তাৰ উপৰি চলিছে বেয়াগোম দুৰ্নীতি। ঘটনা অনুসৰি, স্থানীয় তিনি নম্বৰ বাৰ্ডৰ ৱাৰ্ড সদস্য প্ৰমোদ মালাকাৰৰ কাষত গলে সদস্যজনৰ উক্তি টকা দিয়ক আৰু সুবিধা লাভ কৰক। ৰাইজৰ অভিযোগ অনুসৰি, দীৰ্ঘদিনৰ পৰা এনে অৱস্থাত চলিছে এই গাঁওখন। জিপিখনৰ পুৰুষ মহিলা সকলোৱে একে অভিযোগ উত্থাপিত কৰিছে। লগতে ৱাৰ্ড সদস্যজনৰ টকা লোৱাৰ দৃশ্যও বন্দী হৈছে গোপন কেমেৰাত।

Leave A Reply