Breaking

বানাক্ৰান্তৰ মাজত গোৱালপাৰা পুব সমষ্টিৰ বিধায়ক এ কে ৰশিদ আলম

0 40

গোৱালপাৰা পুৱ সমষ্টিৰ বিধায়ক একে ৰছিদ আলমে বানাক্ৰান্ত ৰাইজৰ মাজত থিয় দি বুজ ললে জনসাধাৰণৰ দুখ দুৰ্গতিৰ ৷বুধবাৰে বিধায়ক আলমে সমষ্টিখনৰ নৱাগত শিমলীতোলা বজাৰত দুদিনীয়াকৈ অনুষ্টিত হোৱা এখন কেৰম বৰ্ড খেল প্ৰতিযোগিতা কৰে অংশ গ্ৰহন কৰে ৷ইয়াৰ পিছত ততাতৈয়াকৈ নৱাগত শিমলীতোলাৰ কেবা ঠাইৰ বানাক্ৰান্ত ঠাই পৰিভ্ৰমণ কৰি বিধায়ক আলমে বানাক্ৰান্ত ৰাইজৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে তেওলোকক বানপানীৰ পৰা নিজকে সাৱধান হৈ থাকিবলৈ পৰামৰ্শ দিয়ে ৷বিধায়ক আলমে বৰ্তমানৰ চৰকাৰে বানাক্ৰান্ত ৰাইজৰ মাজত ৰিলিফ দিবলৈ ধন নাই বুলি এক মন্তব্য দি চৰকাৰে চালেবেৰে কোৱাই থকাৰ তাৎপৰ্য পুৰ্ন মন্তব্য কৰে ৷লগতে বিধায়কজনে ভৱিষ্যত বানীও দিয়ে ৷এইবাৰে হেনো অভাৰ বানপানী নহয় ৷কিয়নো চৰকাৰে ৰাইজক ৰিলিফ দিব নোৱাৰৰ বাবেই ভগবানে  এইবাৰ বলে অভাৰ বানপানী নিদয়ে ৷বিধায়ক আলমে চৰকাৰে আনিব বিচৰা ভুমি নীতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য দিয়ে ৷চৰকাৰেে আনিব বিচৰা ভুমি নীতিক কেতিয়াও আনিবলৈ নিদিয়ে বুলি উল্লেখ কৰি  বিধান সভাৰ লগতে ৰাইজৰ কল্যানৰ হকে ন্যায়লয়ত যুজ দিয়াৰ কথা কয় বিধায়ক আলমে ৷

Leave A Reply