Breaking

নদীৰ বান-খহনীয়া তাণ্ডৱৰ পৰা ৰক্ষা পাবলৈ ব্ৰহ্মপুত্ৰৰ পাৰত আগবঢ়ালে ছাগলী, হাঁহ, পাৰ, সোণ, ৰূপ, নৈবদ্য…

0 16

মাজৰবাৰী লাডাংগুৰীত আগবঢ়ালে ছাগলী, হাঁহ, পাৰ,সোণ,ৰূপ, নৈবদ্য, ব্ৰহ্মপুত্ৰ, চিমেন, লালী, দিখাৰী আদি নদীৰ বান-খহনীয়া তাণ্ডৱৰ পৰা ৰক্ষা পাবলৈ অগনন ভূক্তভোগী ৰাইজৰ উপস্থিতিৰে গংগা মাৰ আশীষ বিচাৰি পূজাৰ আয়োজন।

ধেমাজি জিলাৰ চিমেনমুখৰ মাজৰবাৰী অঞ্চলৰ ১ নং লাডাংগুৰী কছাৰী গাঁৱৰ ব্ৰহ্মপুত্ৰৰ পাৰত আয়োজন কৰা হয় শ্ৰী শ্ৰী মা গংগা পূজাৰ।ব্ৰহ্মপুত্ৰ, চিমেন, লালী, দিখাৰী আদি নদীৰ বান-খহনীয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে অনুষ্ঠিত কৰা শ্ৰী শ্ৰী মা গংগা পূজাৰ পুৱাৰ ভাগতে ১ নং লাডাংগুৰী কছাৰী গাঁৱৰ ব্ৰহ্মপুত্ৰৰ পাৰত মণ্ডপ সাজি লোৱা হয়।পূজাৰ বাবে ফল,ফুল,ধূপ-ধূনা,তামোল, পান,কল-কুঁহিয়াৰ, মা-প্ৰসাদ, সোণ,ৰূপ, কাপোৰ, সেন্দুৰ, সূতা আদি নৈবদ্য সমূহ যোগাৰ কৰি লোৱা হয়।সুকীয়া সুকীয়াকৈ জল দেৱতা, শিৱ আৰু মা গংগাৰ পূজা কৰা হয়।জল দেৱতাৰ সন্তুষ্টৰ বাবে এটা কলা ৰঙৰ ছাগলী আগ কৰি মেলি দিয়ে।সেইধৰণে সকলোৰে মঙ্গল কামনা কৰি শিৱ বাবাক সন্তুষ্টৰ বিভিন্ন নৈবদ্য আগবঢ়াই পূজা দিয়া হয়।আনহাতে এখন বৃহৎ আকাৰৰ কলৰ ভূৰ সাজি ভূৰত গংগা মাৰ সন্তুষ্ট কৰিবলৈ কাপোৰ, সোণ,ৰূপ, প্ৰসাধন সামগ্ৰী, সূতা, গাখীৰ,এজনী বগা হাঁহ, এজনী বগা পাৰ চৰাই, ক’লা কুকুৰা, বস্ত্ৰ বিভিন্ন নৈবদ্য আগবঢ়োৱা হয়।মূল পূজাৰীয়ে মন্ত্ৰোসাৰণ কৰি ব্ৰহ্মপুত্ৰ, চিমেন, লালী, দিখাৰী আদি নদীৰ বানপানী আৰু গৰাখহনীয়াৰ পৰা চেঙাজান, মাজৰবাৰী লাডাংগুৰী, লক্ষ্মীসূঁতি,বদলপুৰ আদি নৈপৰীয়া ৰাইজৰ পৰিত্ৰাণ পোৱাৰ মনোবাঞ্চা কৰি পূজা সমাৰ্পাণ কৰে।

ইয়াৰ পাছতে নৈবদ্য ভৰ্তি কলৰ ভূৰখন ব্ৰহ্মপুত্ৰত উটুৱাই দিয়ে। উল্লেখযোগ্য যে ডেৰ দশক ধৰি ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াৰ কবলত ইতিমধ্যে ১ নং বৰগাওঁ, ২ নং বৰগাওঁ, ৩ নং বৰগাওঁ, ৬ নং বৰগাওঁ, চেঙাজান গোৱালা,নেওলাপাৰা, এলঅচি বাঙালী, সণ্ঠাপাৰা,চেঙাজান বালিগাওঁ, কেডিগাওঁ, চেঙাজান হাজং, লেম্ব চাপৰি, মঙ্গলবৰীয়া বড়ো, লক্ষ্মীসুঁতি, লাডাংগুৰী আদি নৈপৰীয়া কৃষিজীৱি গাওঁসমূহ নদীৰ বুকুত বিলীন গ’ল। খহনীয়াগ্ৰস্ত নৈপৰীয়া ৰাইজে চৰকাৰৰ আঁচনিলৈ অনীহা প্ৰকাশ কৰি গংগা মাক সন্তুষ্ট কৰিবলৈ এই পূজা আয়োজন কৰে। পূজা অনুষ্ঠানত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ চেঙাজান আঞ্চলিক সমিতিৰ সভাপতি ভূমছা বসুমতাৰী,উপ সভাপতি বিচিত্র পাৱ, সাধাৰণ সম্পাদক নিৰঞ্জন নমঃশূদ্ৰ,মাজৰবাৰী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ডেভিদ দ্বাৰিক প্ৰমুখ্যে সহস্ৰাধিক নৈপৰীয়া গঞা ৰাইজ উপস্থিত থাকে।

Leave A Reply