Breaking

জার্মানীৰ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেললৈ আমন্ত্রিত ‘বেলকনিত ভগৱান’

0 2,069

দেশে–বিদেশে সুখ্যাতি লাভ কৰা অসমীয়া চলচ্চিত্র ‘বেলকনিত ভগৱান’ এইবাৰ প্রদর্শনীৰ বাবে আমন্ত্রণ লাভ কৰিছে জর্মানীৰ খ্যাতনামা চলচ্চিত্র মহোৎসৱ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ ষ্টুটগার্টৰ পৰা৷ অহা ২১ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱখনৰ স্কুল ফিল্ম অৱ দ্য ইয়েৰৰ বাবে নির্বাচন কৰা হৈছে৷ ভাৰতৰ ৪০খনৰো অধিক ছবিৰ মাজৰ পৰা প্রদর্শনৰ বাবে আমন্ত্রণ লাভ কৰিছে ‘বেলকনিত ভগৱান’ নামৰ অসমীয়া ছবিখনে৷ এই চলচ্চিত্র মহোৎসৱখনৰ জার্মান ষ্টাৰ অৱ ইণ্ডিয়া বঁটাৰ বাবে অংশগ্রহণ কৰিব অসমীয়া ছবিখনে৷ অহা ২১ জুলাইৰ পৰা ২৫ জুলাইলৈ অনুষ্ঠিত হ’ব ছবি মহোৎসৱখন৷

এই মহোৎসৱৰ সময়তে পৰিচালক বিশ্বজিৎ বৰাই জার্মানীৰ বিভিন্ন শিক্ষার্থীৰ সৈতে ছবিখন সন্দর্ভত এক মত বিনিময় অনুষ্ঠানতো অংশগ্রহণ কৰিব৷ উল্লেখ্য যে নুৰুল চুলতানে প্রযোজনা কৰা আৰু বিশ্বজিৎ বৰাই পৰিচালনা কৰা বেলকনিত ভগৱান শীর্ষক ছবিখনে চাংহাই আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ, নিউয়র্ক ইণ্ডিয়ান চলচ্চিত্র মহোৎসৱ আদিৰ দৰে খ্যাতনামা চলচ্চিত্র মহোৎসৱত প্রদর্শন কৰাৰ সুযোগ লাভ কৰিছে৷ তদুপৰি ২৬সংখ্যক কলকাতা আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত গ’ল্ডেন ৰয়েল বেংগল বঁটাৰ লগতে শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিল৷

ৰাজস্থান আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ কথাছবিৰ সন্মান লাভ কৰিছে বেলকনিত ভগৱানে৷ বিশ্বৰ ভিন্ন প্রান্তৰ ২০খনৰো অধিক আন্তর্জাতিক পর্যায়ৰ চলচ্চিত্র মহোৎসৱত বেলকনিত ভগৱান প্রদর্শিত হৈছে৷ এই ছবিখনৰ মূল ভূমিকাত অভিনয় কৰিছে বলীউডৰ অভিনেতা হাৰিশ খান্নাই৷ তদুপৰি প্রণামী ভাৰথী আৰু পৰিনান্ধি জিমা চুলতানাই আন দুটা মুখ্য চৰিত্রত অভিনয় কৰিছে৷ সহঃ অভিনেতা হিচাপে আছে অৰুণ হাজৰিকা, ৰাজীৱ ক্র’, শোণিত বৰা, পৱিত্র বৰুৱা, গৌৰীশংকৰ ভূঞা, অজয় ভৰালী আদিকে ধৰি বহু জনপ্রিয় অভিনেতা–ভিনেত্রী৷ অসম চৰকাৰৰ কৃষিমন্ত্রী অতুল বৰায়ো এই ছবিখনত ভুমুকি মাৰিছে৷

Leave A Reply