Breaking

গোলাঘাট জিলা নাবাৰ্ডৰ সৌজন্যত এদিনীয়া এনজিঅ’ সন্মিলন সম্পন্ন

0 33

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ১১ নৱেম্বৰঃ গোলাঘাট জিলা প্ৰাধিকৰণ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ৯ নৱেম্বৰ সোমবাৰে গোলাঘাট জিলা নাবাৰ্ডৰ সৌজন্যত এখনি এনজিঅ সন্মিলন সম্পন্ন হয়। গোলাঘাট জিলাৰ অন্তৰ্গত চৰকাৰী বেচৰকাৰী বিভিন্ন কৰ্মক্ষেত্ৰত ব্ৰতী বহু সংখ্যক এনজিঅ’ৰ বিষয়ববীয়াৰ উপস্থিতিত অনুস্থিত সন্মিলনত  আৰ্থ-সামাজিক ক্ষেত্ৰত এনজিঅ’ সমূহৰ দায়িত্ব, কৰণীয় তথা বিশ্বব্যাপ্ত মহামাৰী কোভিডোত্তৰ পৰিস্থিতিত এনজিঅ’ সমূহৰ সামাজিক দায়বদ্ধতাৰ ওপৰত বিষদ আলোচনা কৰা হয়।

গোলাঘাট জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাৰ্গলাৰীয়ে সন্মিলনখনি উদ্ধোধন কৰি কোভিড মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ সময় চোৱাত  গোলাঘাট জিলাবাসী জনসাধাৰনৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত এনজিঅ’ৰ বিষয়ববীয়া সকলে যি তৎপৰতা দেখুৱালে তাৰ বাবে  ধন্যবাদ জনায়। গোলাঘাট জিলা জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা উপেন সিংহই জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে এনজিঅ’ সমূহৰ সহায়ত ৰূপায়িত কৰা স্বচ্ছ ভাৰত মিচন অভিযান আৰু কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত চেনিটাইজেচন কাৰ্য সূচীত জিলাখনৰ এনজিঅ’ সমূহৰ একনিষ্ঠ সেৱাৰ ভূয়সী প্ৰসংশা কৰে।

গোলাঘাট জিলা নাবাৰ্ডৰ জিলা প্ৰৱন্ধক সুশান্ত চক্ৰৱৰ্তীয়ে নাবাৰ্ডৰ দ্বাৰা ৰূপায়িত বিভিন্ন আচনিৰ বিষয়ে বিস্তাৰিত ভাবে ব্যাখ্যা কৰে। নাবাৰ্ডৰ বিভিন্ন আঁচনি ৰূপায়নৰ ক্ষেত্ৰত এনজিঅ’ সমূহে কেনেদৰে অংশ গ্ৰহন কৰিব পাৰে সেই বিষয়ে বিষদ ভাবে ব্যক্ত কৰে। উক্ত কাযৰ্সূচীত জিলা গ্ৰামীণ অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া গ্ৰামীণ বিকাশ বেংকৰ আঞ্চলিক প্ৰৱন্ধক দিলাউৰ ৰহমান, এনআৰএলএমৰ গোলাঘাট জিলা প্ৰকল্প প্ৰৱন্ধক পৰিশ্মিতা শৰ্মা আৰু জিলাখনৰ অগ্ৰণী এনজিঅ’ সমূহৰ বিষয়ববীয়াসকলে অংশ গ্ৰহণ কৰে।

Leave A Reply