Breaking

সদৌ অসম মাঞ্চুৰীয়ান কিক বক্সিঙত সোণ জয় নাজিৰাৰ হিমাংশু বৰদলৈ আৰু কল্যাণ লাহনৰ

0 2,032

বকতা ঢেকেৰীছিগাত ৬,৭ মাৰ্চত দুদিনীয়াকৈ অনুষ্ঠিত সদৌ অসম প্ৰাইজমণি অল ষ্টাইল কিক বক্সিং প্ৰতিযোগিতাত চকীমুখ মাঞ্চুৰীয়া কুং-ফু আৰু আছিহাৰা কেৰাটে একাডেমিৰ খেলুৱৈয়ে অংশ গ্ৰহণ কৰি পদক জয় কৰিবলৈ সক্ষম হয় । ক্লাৱৰ হৈ অংশ গ্ৰহণ কৰা নাজিৰাৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ হিমাংশু বৰদলৈয়ে ৩০ কিলোগ্ৰাম শাখাত সোণৰ পদক, চকীমুখৰ কল্যাণ লাহনে ২০ কিলোগ্ৰাম শাখাত সোণৰ পদক লাভ কৰে । মণীষ কৈৰীয়ে ২১ কিলোগ্ৰাম শাখাত ৰূপৰ পদক লাভ কৰাৰ লগতে কস্ত্তৰী বৰগোহাঁই, অনুভৱ গগৈ, কৃষ্ঞৰাম গগৈ, বিবেক ঠাকুৰে ৰূপৰ পদক লাভ কৰে ।  সুপ্ৰিয়া গগৈ, ৰিচা দুৱৰী, নেহা কৈৰী, চিন্ময় গগৈয়েও পদক বুটলিবলৈ সক্ষম হয় । প্ৰশিক্ষক চিফু ডিম্বেশ্বৰ বৰদলৈৰ (ফ’ৰ্থ ডান ব্লেক বেল্ট) তত্বাৱধানত  প্ৰতিযোগিতাত অংশ গ্ৰহণকাৰী চকীমুখ মাঞ্চুৰীয়া কুং-ফু ক্লাৱে প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ  স্থান লাভ কৰে । প্ৰতিযোগিতাৰ আয়োজন কৰিছিল বকতা ঢেকেৰীছিগা যুৱ সংঘ আৰু বক্তা ঢেকেৰীছিগা কিক বক্সিং ক্লাৱে । 

Leave A Reply