Breaking

সৰযূ নদীৰ তীৰত স্বৰ্ণযুগৰ সূচনা : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

0 1,298

দৈনন্দিন বাৰ্তা ডেস্ক : সৰযূ নদীৰ তীৰত স্বৰ্ণযুগৰ সূচনা হ’ল৷ অযোধ্যাত ৰাম মন্দিৰৰ শিলান্যাসৰ দিনটোত এনেদৰে ব্যাখ্যা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ প্ৰধানমন্ত্ৰীয়ে কয়, বহু দিনৰ প্ৰতীক্ষা শেষ৷ অ’ত দিনে তম্বুৰ তলতে আছিল ৰামলালা৷ এইবাৰ তেওঁৰ বাবে সুবিশাল মন্দিৰ নিৰ্মাণ হ’ব৷ বহু শতক ধৰি যি ভঙা-পতাৰ খেল চলি আছিল, আজি ৰাম জন্মভূমিত সেয়া মুক্ত হ’ল৷ সৰযূ নদীৰ তীৰত সূচনা হ’ল স্বৰ্ণযুগৰ৷ ২৯ বছৰৰ পাচত এই দিনটোত অযোধ্যাত ভৰি দিছিল নৰেন্দ্ৰ মোডীয়ে৷ ৰাম মন্দিৰৰ শিলান্যাসৰ দিনটোক স্বাধীনতা দিৱসৰ লগত তুলনা কৰি তেওঁ কয়, সমগ্ৰ দেশে স্বাধীনতা সংগ্ৰামত যোগ দিছিল৷ মন্দিৰৰ বাবেও বহুৱে বলিদান দিছে৷ অ’ত দিনৰ অপেক্ষা শেষ হ’ল৷ আজিৰ দিনটো ত্যাগ, সংকল্প আৰু সংঘৰ্ষৰ প্ৰতীক বুলি মোডীয়ে কয়৷ কেৱল ভাৰতেই লহয়, সমগ্ৰ পৃথিৱীতে আজি ৰামৰ জয়ধ্বনি শুনিবলৈ পোৱা গৈছে বুলি মোডীয়ে দাবী কৰে৷ তেওঁ কয়, আজি দেশ ৰামময়, ৰোমাঞ্চিত৷ পৃথিৱীৰ সৰ্বত্ৰে ৰামৰ ধ্বনি শুনিবলৈ পোৱা গৈছে৷ এই ৰাম মন্দিৰ আমাৰ সংস্কৃতিৰ আধুনিক প্ৰতীক৷ আমাৰ ৰাষ্ট্ৰীয় চিন্তাৰ প্ৰতীক৷ সমগ্ৰ পৃথিৱীৰ মানুহ আহিব৷ এই মন্দিৰৰ মাধ্যমত বৰ্তমানৰ সৈতে অতীতৰ যোগসূত্ৰ স্থাপিত হ’ব৷ ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে কয়, ৰামে আমাৰ মনত স্থায়ী ঠাই লৈছে৷ সকলো কামত ৰামেই আমাৰ প্ৰেৰণা৷ আজি সমগ্ৰ দেশৰ মানুহ ৰাম মন্দিৰ নিৰ্মাণত একত্ৰিত হৈছে৷ ৰামৰ চৰিত্ৰৰ কেন্দ্ৰবিন্দু হ’ল সত্যপালন৷ জীৱনৰ এনে কোনো ক্ষেত্ৰ নাই য’ত ৰাম আমাৰ কাষত প্ৰেৰণা নহয়৷ বৈচিত্ৰ্যৰ মাজত ঐক্যই ভাৰতৰ বৈশিষ্ট৷ ভাৰতৰ বিভিন্ন প্ৰদেশত ৰামায়ণৰ বিভিন্ন মালিতা আছে৷ ভাৰতৰ বাহিৰেও বিভিন্ন দেশত ৰামায়ণ আছে৷ সকলোতে ৰাম একেদৰে পূজনীয়৷ দেশৰ সংস্কৃতিৰ সৈতে ৰাম এনেভাৱে জড়িত যে কোনো ভাৱে তেওঁক আঁতৰ কৰা সম্ভৱ নহয় বুলি কয় প্ৰধানমন্ত্ৰী মোডীয়ে৷ তেওঁ কয়, ৰাম আমাৰ মনৰ মাজত আছে৷ আমাৰ সৈতে একান্ত হৈ গৈছে৷ প্ৰভুৰ কি অদ্ভুত শক্তি৷ তেওঁ আমাৰ সংস্কৃতিৰ আধাৰ৷ দেশবাসীৰ সমৰ্থন আছিল বাবেই ৰাম মন্দিৰ নিৰ্মাণৰ পথ প্ৰশস্ত হ’ল বুলি কয় প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ কয়, স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীয়ে যিদৰে দলিত আৰু জনজাতি মানুহৰ সমৰ্থন পাইছিল সেইদৰে দেশৰ সকলো মানুহৰ সমৰ্থন আছিল বাবেই ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে৷ প্ৰত্যেকেই ৰাম৷ প্ৰত্যেকৰ মাজতে ৰাম আছে৷ ক’ৰোনা পৰিস্থিতিত ৰাম মন্দিৰ নিৰ্মাণক লৈ সমালোচনাৰ সন্মুখীন হৈছিল কেন্দ্ৰ৷ আজি অনুষ্ঠানত সামাজিক দূৰত্ব মানি অতিথিসকলক বহাৰ ব্যৱস্থা কৰা হয়৷ মাস্ক পিন্ধি ভূমি পূজাত অংশ লয় প্ৰধানমন্ত্ৰীয়ে৷

Leave A Reply