Breaking

দেৰগাঁৱৰ বাতিপৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ সম্পন্ন…

0 98

শনি আৰু দেওবাৰে দুদিনীয়াকৈ দেৰগাঁৱৰ অন্যতম এখন গ্ৰামাঞ্চলৰ চৰকাৰী মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান বাতিপৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ অনুষ্ঠিত হয় শনিবাৰে পুৱা তোৰণ উন্মোচন ,পতাকা উত্তোলন,মঞ্চ আৰু মণ্ডপ উন্মোচন আদি অনুষ্ঠানৰ পাছতেই দুপৰীয়া দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় প্ৰাক্তন অধ্যক্ষ ড°পৰাগ ঠাকুৰৰ সঞ্চালনাত “নতুন শিক্ষানীতি আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত” শীৰ্ষক এক আলোচনা সত্ৰ অনুষ্ঠিত হয়। উক্ত আলোচনা সত্ৰ ভাগ আনুষ্ঠানিক ভাবে উন্মোচন কৰে গোলাঘাট জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক ফটিক গগৈয়ে। আলোচক হিছাপে উপস্থিত থাকে দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ড°দেৱজিত বৰুৱাই। দেওবাৰে অথাৎ আজি পুৱা এক বাৰেৰহণীয়া বৰ্ণিল শোভাযাত্ৰা অনুষ্ঠিত হয়। এই বৰ্ণিল শোভাযাত্ৰাত জিকিৰ,ঝুমুৰ,মিচিং নৃত্য,বিহু,গায়ন-বায়ন আদিকৰি বিভিন্ন কৃষ্টি প্ৰদৰ্শন হয়।

তাৰ পাছতেই বিদ্যালয়ৰ লগত জড়িত ব্যক্তি সকলৰ এক সম্বদ্ধৰ্না কাৰ্য্যসূচী অনুষ্ঠিত হয়। দুপৰীয়া সভাপতিত্বত এখন গাম্ভীৰ্যপূৰ্ণ মুকলি সভা অনুষ্ঠিত হয়। সভাখন উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক ড°যতীন নাথে। মুকলি সভা খনত বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকে ক্ৰমে দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ড°ক্ষীৰেশ্বৰ লইং, লেখিকা জ্যোতি কুমাৰী শৰ্মা,সাহিত্যিক সুৰেন্দ্ৰ মোহন হাজৰিকাই।উক্ত মুকলি সভাতে “স্বৰ্ণীল”নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক মঃনুৰুল চুলতানে। উদযাপন সমিতিৰ মুখ্য সম্পাদক তথা বিদ্যালয়ৰ প্ৰধান শিক্ষক তফজুল হক বৰবৰাই দুয়োটা দিনৰ কাৰ্যসূচী সফল হোৱাত সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply