Breaking

তামুলপুৰৰ জোকমাৰী নিজডেফেলী দৌল মহোৎসৱৰ সোণালী জয়ন্তীৰ আয়োজন

0 1,074

তামুলপুৰ জিলাৰ অন্তৰ্গত জোকমাৰী নিজ-ডেফেলী মিলন দৌল মন্দিৰ প্ৰাংগণত দৌল মহোৎসৱৰ ৫০ বছৰ পূৰ্তি উপলক্ষে অহা ১৭ মাৰ্চৰ পৰা ২২ মাৰ্চলৈ ছয়দিনীয়া কাৰ্যসূচীৰে ৫১ সংখ্যক জোকমাৰী নিজ ডেফেলী মিলন দৌল মহোৎসৱ আৰু সোণালী জয়ন্তী বৰ্ষ উৎসৱ পালনৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।ইতিমধ্যে প্ৰফুল্ল ৰাম দাসক সভাপতি আৰু অপূৰ্ব কোঁৱৰক সম্পাদক হিচাপে লৈ দৌল মহোৎসৱৰ সোণালী জয়ন্তী উদযাপন সমিতি এখন গঠন কৰা হৈছে৷সোতৰ মাৰ্চৰ পৰা ২২ মাৰ্চলৈ ৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হব লগা এই সোনালী জয়ন্তী মহোৎসৱ উপলক্ষ্যে স্বচ্ছ অভিযান ,গোসাই আদৰণি, বহ্নোৎসৱ, নাম প্ৰসংগ , পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছ পুলি ৰোপণ, মুখ্য দ্বাৰ উদঘাটন, কাৰ্যালয় উদ্বোধন, শাস্ত্ৰ পাঠ, সম্বৰ্ধনা অনুষ্ঠান , নাগাৰা নাম, ঢুলীয়া আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে ধৰ্মালোচনী সভা আৰু মুকলি সভাৰ আয়োজন কৰা হৈছে ৷

দৌল উপলক্ষ্যে ৬ দিনীয়া বাণিজ্য মেলাৰো আদি আয়োজন কৰা হৈছে৷ৰাইজৰ সহায় সহযোগিতা উদযাপন সমিতিয়ে কামনা কৰিছে ৷

Leave A Reply