Breaking

ইছলাম ধৰ্মালম্বী লোক সকলৰ বাবে এক সু খবৰ!

0 2,517

ইছলাম ধৰ্মালম্বী লোক সকলৰ বাবে এক ভাল খবৰ!মদিনা শ্বৰিফৰ ইমাম চাহাব আহি আছে নগাঁ‌ৱ জিলাৰ জুৰীয়ালৈ।২৫ তাৰিখ শুক্ৰবাৰে জুম্মাৰ নামাজত অংশ গ্ৰহন কৰিব মদিনা শ্বৰিফৰ ইমাম চাহাবে।সমগ্ৰ অসমৰ মুছলমান সকলক নিমন্ত্ৰণ উদ্যোক্তা সকলে প্ৰায় ৫ লক্ষাধিক মানুহ একে লগে অহা ২৫ তাৰিখ শুক্ৰবাৰে জুম্মাৰ নামাজত অংশ গ্ৰহন কৰিব বুলি আশাবাদী উদ্যোক্তা সকল।ধিং গাঁ‌ৱ তালিমুল কোৰয়ান হাফিজীয়া মিছন মাদ্ৰাছাৰ উদ্যোগত ২৫ ফেব্ৰুবাৰিত জুৰীয়া বগৰিগুৰি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ খেল পথাৰত বিশাল ঐতিহাসিক ১৯ তম দস্তৰবন্ধী ও বিশ্ব শান্তিৰ বাবে সমুহীয়া জুম্মাৰ নামাজ ,ওয়াজ মেহফিল আৰু দোৱাৰ আয়োজন কৰিছে।

উদ্যোক্তা সকলে জানিব দিয়া মতে উক্ত মেহফিলত মদিনা শ্বৰিফৰ ইমাম চাহাৱ উপস্হিত থকাৰ লগেতে উপস্হিত থাকিব বাংলাদেশৰ কেইবাজনো ইছলামিক পণ্ডিত। লগতে অসমৰো কেইবাজনো ইছলামিক পণ্ডিত
বৰ্তমান জুৰীয়াত ইমাম চাহাবক আদৰিবলৈ এক যুদ্ধ সদৃশ পৰিবেশেৰে আয়োজন কমিটিয়ে প্ৰস্তুতি চলিছে।

Leave A Reply