Breaking

এপিএছচি পৰীক্ষাত অৱতীৰ্ণ হব বিচৰা তামুলপুৰৰ ছাত্ৰ- ছাত্ৰীৰ বাবে সু খবৰ। তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ প্ৰশংসনীয় পদক্ষেপ

0 1,663

অসম লোক সেৱা আয়োগ (এপিএছচি) ৰ অধীনত অনুষ্ঠিত হোৱা পৰীক্ষাত অৱতীৰ্ণ হব খোজা তামুলপুৰৰ ছাত্ৰ -ছাত্ৰীসকলৰ বাবে এক সুখবৰ কঢ়িয়াই তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে আজি তামুলপুৰ প্ৰেছ ক্লাৱত আয়োজন কৰে এখন সংবাদ মেল । সংবাদ মেলখন সম্বোধন কৰি বিধায়ক জলেন দৈমাৰীয়ে কয় — বিধায়ক গৰাকীৰ উদ্যোগত জিলাখনৰ ৫ গৰাকী মেধা ছাত্ৰ- ছাত্ৰীক এপিএছচি পৰীক্ষাৰ বাবে কোচিংৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ বাবে ইচ্ছুক ছাত্ৰ- ছাত্ৰী সকলে কাইলৈৰ পৰা নিজৰ আবেদন দাখিল কৰিব পাৰিব । অহা ৭ আগষ্টত জিলাখনৰ তামুলপুৰ, নাগ্ৰীজুলি আৰু নাওকাটাত অনুষ্ঠিত হব এক বাছনি পৰীক্ষা । অহা ১২ আগষ্টত ঘোষণা কৰা হ’ব পৰীক্ষাৰ ফলাফল । পৰীক্ষাত শীৰ্ষ স্থান দখল কৰিবলৈ সমৰ্থ হোৱা পাঁচ গৰাকী ছাত্ৰ ছাত্ৰীক অহা ১৫ আগষ্টত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত জিলা ভিত্তিত অনুষ্ঠিতব্য স্বাধীনতা দিৱসত আনুষ্ঠানিকভাৱে চিনাকি কৰি দিয়া হ’ব বুলিও বিধায়ক জলেন দৈমাৰীয়ে সংবাদ মেল যোগে জানিবলৈ দিছে ।

উল্লেখযোগ্য যে এই ৫ গৰাকী ছাত্ৰ-ছাত্ৰীক বিধায়ক গৰাকীৰ তত্বাৱধানত গুৱাহাটীলৈ সম্পূৰ্ণ বিনামূলীয়াকৈ কোচিং কৰিবলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে বিধায়ক দৈমাৰীয়ে । সংবাদ মেলখনত বিধায়ক দৈমাৰীয়ে পুনৰ কয় — প্ৰতি বছৰে যাতে তামুলপুৰৰ পৰা অতি কমেও এজনকৈ হলেও প্ৰশাসনিক বিষয়া উলিয়াব পাৰো তাৰ বাবে এই প্ৰক্ৰিয়া হাতত লোৱা হৈছে । তামুলপুৰ জিলাৰ ছাত্ৰ- ছাত্ৰী আৰু অভিভাৱকক এই


প্ৰক্ৰিয়াৰ প্ৰতি সঁহাৰি জনাবলৈ আহ্বান জনাই বিধায়ক দৈমাৰীয়ে কয় — তামুলপুৰৰ ছাত্ৰ- ছাত্ৰীসকলক শৈক্ষিক ক্ষেত্ৰত আগুৱাই নিয়াৰ অন্যতম পদক্ষেপ হিচাপে এই কামত আগবাঢ়িছো । তামুলপুৰৰ বিভিন্ন ছাত্ৰ সংগঠনেও যাতে নিজাববীয়াকৈ এই ব্যৱস্থাটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰে তাৰ বাবেও তেওঁ ছাত্ৰ সংগঠনৰ নেতা কৰ্মীসকলক আহ্বান জনায় ৷ তেওঁ আকৌ কয় তামুলপুৰৰ শিক্ষক আৰু বৌদ্ধিক মহলেও এই ব্যবস্থাটোৰ প্ৰতি সহযোগ কৰিব লাগে যাতে তামুলপুৰত শিক্ষাৰ এক জাগৰণ আনিবলৈ সক্ষম হব পাৰোঁ ৷ সংবাদ মেলখন সম্বোধন কৰি বিধায়ক গৰাকীয়ে পুনৰ কয় — এই প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়া হ’ব ৷ এই ক্ষেত্ৰত মই সকলো দিহা কৰিম ৷ ইয়াত কোনো চিন্তা কৰিব নালাগে ৷


সংবাদ মেলত অংশগ্ৰহণ কৰি ৰঞ্জন বৰুৱাই কয় কাইলৈৰ পৰাই আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷ ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে অনলাইন যোগে আবেদন কৰিব পাৰিব ৷ এই পৰীক্ষাৰ প্ৰশ্নকাকত মুঠ ২৫০ নম্বৰৰ হব। ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে ৮৬৩৮০৫৬৯৫২ নম্বৰত যোগাযোগ কৰিব পাৰিব ।

Leave A Reply